সোমবাৰে বিয়লিৰ পৰা মঙলবাৰে পুৱালৈকে টাইৱানত বাৰে বাৰে জোঁকাৰি গৈছে ভূমিকম্প আৰু আফটাৰশ্বকে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ সৰ্বোচ্চ তীব্ৰতা ৬.৩। টাইৱানৰ কেন্দ্ৰীয় বতৰ প্ৰশাসনৰ তথ্য অনুসৰি সোমবাৰে স্থানীয় সময় অনুসৰি বিয়লি ৫:০৮ বজাত টাইৱানৰ ৰাজধানী টাইপেইত প্ৰথমটো কঁপনি অনুভৱ কৰা হয়। এই কম্পনৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৫.৫। ইয়াৰ পিছত মঙলবাৰে পুৱালৈকে টাইৱানৰ ৰাজধানীখন বাৰে বাৰে আফটাৰশ্ব’কে জোকাৰি গৈছিল।
যোৱা নিশা প্ৰায় ২:৩০ বজাত এটা শক্তিশালী ভূমিকম্পই কঁপাই তোলে দেশখন । ইয়াৰ তীব্ৰতা আছিল ৰিখটাৰ স্কেলত ৬.০। তাৰ মাত্ৰ ছয় মিনিটৰ পিছত টাইপেইত আন এক ভূমিকম্প সংঘটিত হয়। এই কম্পনৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৬.৩। সোমবাৰে বিয়লিৰ পিছত টাইৱান কঁপাই তোলে সৰ্বাধিক ভূমিকম্পই। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল পূব টাইৱানৰ হুয়ালিয়েন অঞ্চল। এই পৰ্যন্ত এই ভূমিকম্পৰ ফলত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ভূমিকম্পৰ ফলত বিশেষ ক্ষতি হোৱা নাই।
৩ এপ্ৰিলত টাইৱানৰ হুয়ালিয়ান অঞ্চলত হোৱা ভূমিকম্পৰ ফলত এতিয়ালৈকে ১৪ জন লোকৰ মৃত্যু হৈছে। এই কম্পনৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.২। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, তেতিয়াৰ পৰাই টাইৱানক কমেও ১০০০ বাৰ জোকাৰি গৈছে ভূমিকম্পই । অৱশ্যে আফটাৰশ্বকৰ তীব্ৰতা ইমান শক্তিশালী নহয়।