প্ৰতি বছৰে লাখ লাখ পৰ্যটকক ভাৰতলৈ আকৰ্ষণ কৰা আগ্ৰাৰ তাজমহলৰ ৩৭০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে সম্পত্তি কৰ আৰু পানীৰ বিলৰ জাননী প্ৰদান কৰা হৈছে। অৱশ্যে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ বিষয়াসকলে এয়া ভুলবশতঃ হোৱা বুলি সদৰী কৰিছে ৷ সোনকালে ইয়াৰ শুধৰণি কৰা হ’ব বুলি তেওঁলোকে জানিবলৈ দিছে ৷
যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰৰ সংশ্লিষ্ট কতৃপক্ষই তাজমহল আৰু আগ্ৰা দুৰ্গলৈ জাননী প্ৰদান কৰিছে। জাননীৰ জৰিয়তে ১ কোটিতকৈ অধিক টকা আদায় দিবলৈ কোৱা হৈছে।
এই পৰ্যন্ত তিনিখন জাননী প্ৰেৰণ কৰিছে ৷ দুখন তাজমহলক আৰু এখন আগ্ৰা দুৰ্গক জাননী প্ৰদান কৰা বুলি নিশ্চিত কৰিছে আগ্ৰাৰ এএছআইৰ অধীক্ষক পুৰাতত্ত্ববিদ ৰাজ কুমাৰ পেটেলে। ড০ পেটেলে কয় ,”তাজমহলৰ বাবে আমি দুখন জাননী লাভ কৰিছো, এখন সম্পত্তি কৰ আৰু আনখন পানী যোগানৰ।মুঠ ১ কোটি টকাতকৈয়ো অধিক বিল প্ৰদান কৰা হৈছে ৷
তেওঁ কয় “প্ৰথমতে, কীৰ্তিচিহ্ন চৌহদত সম্পত্তি কৰ বা আৱাস কৰ প্ৰযোজ্য নহয়। উত্তৰ প্ৰদেশৰ আইনতো এই ব্যৱস্থা আছে আৰু অন্যান্য ৰাজ্যতো। পানীৰ জাননীৰ কথা ক’বলৈ গ’লে, পূৰ্বতে এনে কোনো দাবী কৰা হোৱা নাই আৰু আমাৰ কোনো ধৰণৰ পানী সংযোগ নাই ৷”
মোগল সম্ৰাট আকবৰে নিৰ্মাণ কৰা ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আগ্ৰা দুৰ্গ ১৬৩৮ চনলৈকে মোগল বংশৰ সম্ৰাটসকলৰ মূল বাসস্থান আছিল, তাৰ পিছত ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয়। এ এছ আইৰ বিষয়াসকলৰ মতে, এই ঐতিহাসিক কীৰ্তিচিহ্নটোৱে ৫ কোটি টকাৰ কৰ দিবলৈ জাননী লাভ কৰিছে ৷