অংগনবাদী কেন্দ্ৰসমূহ ভাৰতৰ এক প্ৰকাৰৰ গ্ৰাম্য শিশু যত্ন কেন্দ্ৰ। শিশুৰ ক্ষুধা আৰু পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজিবলৈ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচেছ কাৰ্যসূচীৰ অংশ হিচাপে ভাৰত চৰকাৰে ১৯৭৫ চনত এই কাৰ্যসূচী আৰম্ভ কৰিছিল।
অসমত অংগনবাদী কেন্দ্ৰসমূহত ব্যাপক দুৰ্নীতি হৈ আছে বুলি মাজে সময়ে বিভিন্ন মাধ্যমত প্ৰকাশ পাই আহিছিল। বিত্ত মন্ত্ৰী অজন্তা নেওগে সম্প্ৰতি এই কেন্দ্ৰসমূহত চলি থকা দুৰ্নীতি বন্ধ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছে।
সাংবাদিকৰ সৈতে হোৱা কথোপকথনত বিত্ত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে সমাজ কল্যাণ বিভাগৰ বৃহৎ সংস্কাৰ সাধনৰ লক্ষ্যৰে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বাজেটৰ সিদ্ধান্ত অনুসৰি অংগনবাদী ঘৰসমূহক মডেল অংগনবাদী কেন্দ্ৰ হিচাপে নিৰ্মাণৰ বাবে ২৫ লাখকৈ টকা আগবঢ়োৱা হৈছে আৰু এই নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছে স্থানীয় বিধায়কক।
আনহাতে শিশুৰ সকলো খাদ্য পেকেটিং কৰিহে তেওঁলোকৰ মাজত বিলোৱা হ’ব। নেওগে উল্লেখ কৰা অনুসৰি খাদ্য সামগ্ৰীৰ নামত হৈ থকা ব্যাপক দুৰ্নীতি ৰোধ কৰিবলৈ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। লগতে সকলো মানুহেই যাতে নিৰ্দিষ্ট পৰিমাণৰ খাদ্য সামগ্ৰী লাভ কৰে সেই সন্দৰ্ভত চোকা নজৰ দিবলৈও তেখেতে কেন্দ্ৰ পৰিচালনা সমিতিক নিৰ্দেশ দিয়ে।
অংগনবাদী কেন্দ্ৰ পৰিচালনা সমিতি আৰু পঞ্চায়তৰ সহযোগত সমগ্ৰ প্ৰক্ৰিয়াটোলৈ শীঘ্ৰেই পৰিৱৰ্তন আহিব বুলি মন্ত্ৰীগৰাকী অত্যন্ত আশাবাদী বুলিও তেখেতে উল্লেখ কৰে।