অকালতে হেৰাই গ’ল ৰাজ্যৰ আন এক উদীয়মান প্ৰতিভা ৷ মহানগৰীৰ লখৰাত সংঘটিত এক পথ দুৰ্ঘটনাই কাঢ়ি নিলে এজন সম্ভাৱনাময় যুৱকৰ প্ৰাণ। মঙলবাৰে সন্ধিয়া লখৰা,ফৰেষ্ট গে’টৰ সমীপত সংঘটিত পথ দূর্ঘটনাত মৃত্যু হয় দীপাংকৰ ৰংপি নামৰ উদীয়মান ক্ৰিকেটাৰজনৰ ৷ তেওঁ পাংক নামেৰে জনপ্ৰিয় আছিল ৷
মৃত দীপাংকৰৰ ঘৰ লখৰাত। তেওঁ লখৰাৰ পৰা জালুকবাৰী অভিমুখে বাইকেৰে গৈ থাকোতে এই দুৰ্ঘটনা সংঘটিত হয়। তেওঁ অসমৰ ভিন্ন প্ৰান্তত বলিং-বেটিঙৰে সুন্দৰ প্ৰদৰ্শন কৰি উজলি উঠিছিল ৷ কালিও দুর্ঘটনাৰ পূর্বে বেলতলা মহাবিদ্যালয়ৰ খেলপথাৰত এখন খেলত অংশগ্ৰহণ কৰিছিল তেওঁ ৷ উদীয়মান ক্ৰিকেটাৰ গৰাকীৰ মৃত্যুত ক্ৰীড়া জগতত গভীৰ শোকৰ ছাঁ পৰিছে ৷