সোমবাৰে মাজনিশা মাৰ্কিন সেনাৰ অন্তিমটো গোটে কাবুল আন্তৰ্জাতিক বিমান বন্দৰ এৰাৰ পাছতেই তালিবানীসকলে চৌদিশে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। সেই দিনটো আফগানিস্তানৰ স্বাধীনতা দিৱস হিচাপে উদযাপন কৰি ৰাজধানী কাবুল আৰু তালিবানৰ জন্মচহৰ কান্দাহাৰৰ ৰাজপথ গুলী-বাৰুদৰ আতচ-বাজীৰে মুখৰ হৈ পৰে।
উল্লেখযোগ্য যে ডোহা শান্তি চুক্তি অনুসৰি মাৰ্কিন সেনাই আফগানিস্তান ত্যাগ কৰে যদিও এই চুক্তিয়ে কোনোপধ্যেই আফগান নাগৰিকসকলৰ জীৱনলৈ শান্তিৰ বাৰ্তা অনা নাই। ২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীত স্বাক্ষৰ কৰা এই চুক্তি অনুসৰি আফগানিস্তানলৈ শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ স্বাৰ্থত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু তালিবানে যুদ্ধৰ সমাপ্তি ঘটাব বুলি ঘোষণা কৰিছিল।
২০০১ চনৰ নৱেম্বৰ মাহত তালিবানক ক্ষমতাচ্যুত কৰি আমেৰিকাৰ নাটো বাহিনীয়ে আফগানিস্তানৰ ক্ষমতা নিজৰ হাতলৈ আনিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে আফগানিস্তানৰ কুৰি বছৰীয়া অগ্ৰগতিক আৰু শ শ বছৰ আন্ধাৰলৈ ঠেলি দি আমেৰিকাই সেনা প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে।
আমেৰিকাই সেনা প্ৰত্যাহাৰৰ কথা ঘোষণা কৰাৰ পাছতেই আফগানিস্তানৰ এখন এখনকৈ দেশ তালিবানে নিজৰ দখললৈ আনিছে। দুটা দশকজুৰি আফগানিস্তান দখল কৰি থকা মাৰ্কিন সেনাই ৩১ আগষ্টৰ মাজনিশা সেনা প্ৰত্যাহাৰ কৰাৰ শেষ সময় আছিল। কিন্তু নিৰ্ধাৰিত সময়তকৈ ২৪ ঘণ্টা আগতেই আইছিছৰ ভয়ংকৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত মাৰ্কিন সেনাই কাবুল ত্যাগ কৰিবলৈ বাধ্য হয়।
মাৰ্কিন সেনা আঁতৰি যোৱাৰ পাছতেই হামিদ কাৰজাই আন্তৰ্জাতিক বিমান বন্দৰ নিজৰ দখললৈ আনে তালিবানে। সমগ্ৰ বিমান বন্দৰ তালিবানী নেতা আৰু যোদ্ধাৰে ভৰি পৰিছে বুলি বিভিন্ন বাতৰিত প্ৰকাশ পাইছে। মাৰ্কিন সেনা প্ৰত্যাহাৰ সাধাৰণ নাগৰিকৰ বাবে যন্ত্ৰণাৰ কিন্তু তালিবানৰ বাবে এয়া যুদ্ধজয়ৰ বিকৃত আনন্দ হৈ পৰিছে।
আনহাতে কাবুল বিমান বন্দৰ দখল কৰাৰ পিছতেই তালিবানৰ মুখপাত্ৰ জাবিউল্লা মুজাহিদে কয় যে এতিয়াৰ পৰা কোনো দেশে আফগানিস্তান আক্ৰমণৰ আৰু দুঃসাহস কৰা উচিত নহয়। ইয়াৰ লগতে তেওঁ উল্লেখ কৰে যে আফগানসকলে দেশ ত্যাগ কৰাৰ সলনি দেশ নিৰ্মাণৰ অংশ হওক।