আফগানিস্তানৰ এখনৰ পাছত আনখন চহৰ দখল কৰি যোৱা তালিবানে এমাহজোৰা যুদ্ধৰ পৰিণতিত ৬ ছেপ্তেম্বৰত পঞ্জশিৰ দখল কৰাৰ কথা ঘোষণা কৰিছিল।
তথ্য অনুসৰি পঞ্জশিৰত পলাই থকা বিদ্ৰোহী নেতা তথা আফগানিস্তানৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহৰ ভাতৃ ৰোহুল্লাহ চালেহ আজিজীক তালিবানে হত্যা কৰিছে।
পঞ্জশিৰত তালিবান বিৰোধী যুঁজৰ অন্যতম নেতা আছিল আমৰুল্লাহ চালেহ। আনহাতে ৰোহুল্লাহ চালেহক হত্যা কৰাৰ কথা শুকুৰবাৰে আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰিৰ জৰিয়তে সমগ্ৰ বিশ্বই জানিবলৈ পায়।
ৰোহুল্লাহ আজিজীক তালিবানে মৃত্যুদণ্ড দিছে আৰু তেওঁৰ মৃতদেহটো আত্মীয়ক গতাই নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে।
উল্লেখযোগ্য যে জেহাদীসকলে আহমেদ মাছুদৰ এটা অস্ত্ৰাগাৰো দখল কৰিছে বুলি নৰ্ডাৰ্ণ এলায়েন্সে দাবী কৰিছে।