অলপতে তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে আফগানিস্তানৰ ৰাজহুৱা স্থানত মৃত্যুদণ্ড নিষিদ্ধ কৰিছে বুলি টুইটাৰযোগে প্ৰকাশ কৰে।
অৱশ্যে দেশৰ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিলে ৰাজহুৱা স্থানত মৃত্যুদণ্ড প্ৰদান কৰিব পাৰিব বুলিও উল্লেখ কৰে। হৰ্ষ উল্লাসৰ মাজেৰে অপৰাধীক মৃত্যুদণ্ড দিয়া তালিবানৰ মন্ত্ৰী পৰিষদে এই সন্দৰ্ভত স্থানীয় প্ৰশাসনক নিৰ্দেশ দিছে।
উল্লেখযোগ্য যে ২০ বছৰৰ পিছত পুনৰ আফগানিস্তান অধিকাৰ কৰি শাসন আৰম্ভ কৰা তালিবানৰ ভয়ত বহুত লোকে দেশ এৰি যাবলৈ বাধ্য হৈছে। মহিলাৰ জীৱন কষ্টকৰ হৈ পৰিছে।
শেহতীয়াকৈ ISIS এ তালিবান অধিকৃত আফগানিস্তানৰ কিছু অংশত বোমা বিস্ফোৰণ কৰি নিজৰ স্থিতি স্পষ্ট কৰে। অনাগত সময়ত আফগানিস্তান তালিবানৰ হাতৰ পৰা ISIS ৰ হাতলৈ যাব পাৰে নেকি এই সন্দৰ্ভত জনতাৰ মনত প্ৰশ্ন উত্থাপন হৈছে।