আফগানিস্তানত চৰকাৰ গঠন কৰাৰ পাছতে দেশখনৰ সুৰক্ষাক লৈ সমস্যাৰ সন্মুখীন হৈছে তালিবান ৷ বিশেষকৈ ইছলামিক ৰাষ্ট্ৰসমূহৰ উগ্ৰবাদী সংগঠনসমূহৰ পৰা ব্যাপক ভাবুকিৰ সন্মুখীন হৈছে তালিবান ৷ যাৰ বাবে আফগানিস্তানৰ প্ৰতিৰক্ষা বাহিনীত কেতবোৰ সাল-সলনি কৰাৰ চিন্তা-চর্চা কৰিছে তালিবান চৰকাৰে ৷ চাৰি মাহ পূর্বে আফগানিস্তানত চৰকাৰ গঠন কৰা তালিবানে আনুষ্ঠানিকভাৱে দেশখনৰ সেনাবাহিনীত নিযুক্তি দিব আত্মঘাতী বোমাৰু ৷ যোৱা বছৰ ক্ষমতালৈ অহাৰ পূর্বে তালিবানে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আফগান সৈন্যক আক্ৰমণ কৰিবলৈ আত্মঘাতী বোমাৰুক মুখ্য অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল।
তালিবানৰ উপ মুখপাত্ৰ বিলাল কৰিমীয়ে কয় যে দেশখনৰ ভিন্ন প্ৰান্তত থকা আত্মঘাতী বোমাৰুসকলক একগোট কৰি এটা ইউনিটৰ অধীনত আনি আফগানিস্তানৰ সুৰক্ষাৰ বাবে নিয়োজিত কৰা হ’ব ৷ এই বোমাৰু বাহিনীৰ মুল লক্ষ্য হ’ব ইছলামিক ষ্টেটৰ স্থানীয় উগ্ৰবাদী সংগঠনসমূহ ৷ যোৱা আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰই সেনা আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ কৰাৰ পিছত তালিবান শাসনৰ গাদীত বহাৰ পাছতে এনে উগ্ৰবাদী সংগঠনে কমেও পাঁচটা আক্ৰমণ সংঘটিত কৰিছে।ইয়াৰে কেইবাটাও আক্ৰমণ আত্মঘাতী বোমাৰুৰ দ্বাৰা সংঘটিত হৈছিল। কৰিমীয়ে কয়, “শ্বহীদ হ’ব বিচৰা লোকসকলক বিশেষ অৰু অত্যাধুনিক প্ৰশিক্ষণ প্ৰদান কৰি এটা ইউনিটৰ অধীনত আনি ব্যৱহাৰ কৰা হ’ব ৷“ইফালে, তালিবান চৰকাৰে প্ৰকাশ কৰিছে যে যে সীমান্তৰ ডুৰাণ্ড লাইনত পাকিস্তানক বেৰ দিয়াৰ অনুমতি তেওঁলোকে প্ৰদান নকৰে ৷