যুদ্ধৰ বিভীষিকাৰ মাজতে ঘৰলৈ ওভতিবলৈ ভাৰতীয় শিক্ষার্থীসকলে চৰকাৰক কাতৰ আহ্বান জনাই অহাৰ সময়তে ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ ইউক্ৰেইনৰ সেনাবাহিনীত এজন ভাৰতীয় ছাত্ৰই যোগ দিয়া কার্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি ইউক্ৰেইনৰ সেনা বাহিনীত যোগ দিয়া ছাত্ৰজন হৈছে তামিলনাডুৰ কইম্বাটুৰৰ ২১ বছৰীয়া চাইনিকেশ ৰবিচন্দ্ৰন ৷ ২০১৮ চনত চাইনিকেশ খাৰকিভৰ নেচনেল এৰোস্পেচ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ ইউক্ৰেইনলৈ গৈছিল। অহা জুলাইৰ ভিতৰত তেওঁৰ পাঠ্যক্ৰম সম্পূৰ্ণ হ’লহেতেন ৷ ইউক্ৰেইনত চলি থকা যুদ্ধৰ মাজতে তেওঁৰ পৰিয়ালে চাইনিকেশৰ সৈতে যোগাযোগ বিচিন্ন হৈ পৰে ৷ পৰিয়ালে দূতাবাসৰ সহায় বিচৰাত তেওঁলোকে চাইনিকেশৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয় । চাইনিকেশে দূতাবাসৰ জৰিয়তে পৰিয়ালক অৱগত কৰে যে যে ৰাছিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ ইউক্ৰেইনৰ অৰ্ধসামৰিক বাহিনীত তেওঁ যোগদান কৰিছে ৷ প্ৰশাসনৰ লোক তেওঁৰ বাসগৃহলৈ গৈ পিতৃ-মাতৃক এই বিষয়ে সোধা-পোছা কৰে । জানিব পৰা মতে তেওঁ ভাৰতীয় সেনাত যোগদান কৰিবলৈ আবেদন কৰিছিল যদিও প্ৰত্যাখ্যান কৰা হৈছিল