দুৰ্নীতিৰ বিৰূদ্ধে অসম আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিলেও ৰাজ্যত স্তব্ধ হোৱা নাই চৰকাৰী কার্যালয়ত ঘোচ লোৱা কার্য ৷ ধাৰাবাহিক অভিযানৰ পাছতো একাংশ কর্মচাৰীয়ে লৈয়েই আছে উৎকোচ ৷ আজি উৎকোচ গ্ৰহণৰ সময়ত পুনৰ হাতে লোটে ধৰা পৰিল বিশ্বনাথ জিলাৰ উপায়ুক্ত কার্যালয় চৌহদৰ উপ-পঞ্জীয়কৰ কার্যালয়ৰ ডিলিং সহায়ক তপন সাহা ৷ ভূমি পঞ্জীয়ন প্ৰক্ৰিয়াকৰণৰ বাবদ ঘোঁচ দাবী কৰি ধন লওঁতেই তেওঁক অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে ৷ কালিও মৰিগাওঁৰ এজন শিক্ষকক গ্ৰেপ্তাৰ কৰিছিল দুর্নীতি নিবাৰকে ৷