গুজৰাটঃ ‘১২ মেঃ ইংৰাজে ২৫০ বছৰ দেশ শাসন কৰিছিল।সেই সময়তো ইংৰাজী ভাষা এচাম মানুহৰ মাজতেই সীমাবদ্ধ আছিল। স্বাধীনতাৰ পাচত এনে ব্যৱস্থা কৰা হল যত শিক্ষা কেৱল ইংৰাজী ইংৰাজী হৈ পৰিল। ইংৰাজী ভাষাত শিক্ষাৰ প্ৰীতিয়ে দেশৰ বাবে ভয়ানক স্থিতিৰ সৃষ্টি কৰিছে। সেয়ে শিক্ষা মাতৃভাষাত হ’ব লাগিব। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ই অন্যতম লক্ষ্য।
গুগুলত তথ্য পাব পাৰি,কিন্তু সিদ্ধান্ত নিজে লব লাগিব। প্ৰযুক্তিৰ পৰা খৱৰ পাব পাৰি কিন্তু শিক্ষাৰ পূৰ্ণতা নহয়। সঠিক দৃষ্টিকোণ শিক্ষকেহে দিব পাৰে। শিক্ষাৰ্থীয়ে শিক্ষকৰ পৰা কেৱল পাঠ্য-পুথিৰ জ্ঞানেই নহয় আচাৰ, ব্যৱহাৰ, ধৈৰ্য, সাহসৰ জ্ঞান লয়।।
শিক্ষাৰ্থীয়ে শিক্ষকক পাহৰে, শিক্ষকেও শিক্ষাৰ্থীক পাহৰে।। শিক্ষানুষ্ঠান সমূহৰ সৈতে ৰাইজৰ সম্পৰ্ক বৃদ্ধি কৰিবলৈ স্কুলৰ জন্ম দিনটো পালন কৰক।
দেশৰ প্ৰাথমিক শিক্ষকৰ বলীষ্ঠ সংগঠন অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ ২৯ সংখ্যক শিক্ষা শিক্ষক সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অংশগ্ৰহণ কৰি এই মন্তৱ্য প্ৰদান কৰে। ১১,১২ আৰু ১৩ মে তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে গুজৰাট ৰাজ্যৰ গান্ধীনগৰত ২৯ সংখ্যক শিক্ষা-শিক্ষক সন্মিলন অনুষ্ঠিত হৈছে।
‘‘Teachers at the heart of transforming education’’ ক বিষয় ৰূপে লৈ আয়োজিত মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী পুৰুষত্তম ভাই ৰূপালা, গুজৰাট ৰাজ্যৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পাটেল, গুজৰাট চৰকাৰৰ শিক্ষামন্ত্ৰী কুৱেৰ ভাই এমডিনদৰ ৰ উপৰিও ভালেকেইগৰাকী সাংসদ আৰু বিধায়কৰ লগতে বিশ্ব শিক্ষক সংগঠনৰ সম্পাদক ডেভিদ এডৱাৰ্ড উপস্থিত থাকে। দেশৰ বিভিন্ন ৰাজ্যৰ লক্ষাধিক শিক্ষক সমৱেত হোৱা সন্মিলনখনত অসমৰ পৰাও চাৰি শতাধিক শিক্ষকে অংশ গ্ৰহণ কৰিছে। কাইলৈ ৰাজ্যসমূহৰ পৰা খতিয়ান গ্ৰহণ কৰাৰ পাচত শিক্ষা আৰু শিক্ষকৰ সমস্য সমাধানৰ বাবে বিশেষ কাৰ্যসূচী গৃহীত হ’ব।