গোষ্ঠীগত হিংসাৰ বাবে উত্তপ্ত হৈ পৰা মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল’বলৈ আহিব বিৰোধী মিত্ৰজোঁট “ইণ্ডিয়া”ৰ এটা প্ৰতিনিধি দল। অহা শনিবাৰে মণিপুৰত উপস্থিত হ’ব প্ৰতিনিধি দলটোৰ সদস্যসকল। দেওবাৰলৈকে সেই ৰাজ্যৰ পৰা প্ৰায় সকলো দলৰ সৈতে আলোচনাত মিলিত হ’ব।
এই প্ৰসংগত কংগ্ৰেছ নেতা মণিকম ঠাকুৰে কয় যে ইণ্ডিয়াৰ সাংসদসকলে অহা শনিবাৰ আৰু দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰলৈ যাব। বিৰোধী মিত্ৰজোঁটত সাংসদ নথকা দলসমূহে দলৰ প্ৰতিনিধি হিচাপে আন কাৰোবাক প্ৰেৰণ কৰিব বুলিও তেওঁ কয়। প্ৰসংগক্ৰমে যোৱা মে’ মাহত মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত এইবাৰেই প্ৰথমবাৰৰ বাবে বিৰোধী দলসমূহে যৌথভাৱে মণিপুৰলৈ প্ৰতিনিধি প্ৰেৰণ কৰিব ৷ ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মণিপুৰ ভ্ৰমণ কৰি কেইবাটাও দলৰ সৈতে কথা পাতিছিল। তৃণমূল আৰু বাওঁপন্থীয়েও মণিপুৰলৈ পৃথক পৃথক প্ৰতিনিধি দল প্ৰেৰণ কৰিছে। সংবাদ সংস্থা পিটিআইক কংগ্ৰেছ নেতা মণিকমে কয় যে প্ৰতিনিধি দলটোত কমেও ২০ জন সাংসদ থাকিব পাৰে।
মণিপুৰত ভাৰতৰ সম্ভাৱ্য কাৰ্যসূচী সন্দৰ্ভত তৃণমূল ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰাইনে কয়, “প্ৰতিনিধি দলৰ সদস্যসকলে মণিপুৰৰ পাহাৰ আৰু উপত্যকাৰ লোকসকলক সাক্ষাৎ কৰিব। ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ সৈতে কথা পাতিব। প্ৰতিনিধি দলটোৱে কিছুমান আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিব।” মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ দাবীত বিৰোধী সাংসদৰ প্ৰতিবাদৰ বাবে ৰাজ্যসভা আৰু লোকসভাত বাদল অধিৱেশন আৰম্ভ হোৱাৰ পৰাই অস্থিৰ হৈ পৰিছে। কংগ্ৰেছে বিৰোধী দলৰ হৈ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে।