সঘনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি অহা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি আৰে এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আৰম্ভ কৰিছে প্ৰতিবাদ ৷ তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ (টিআৰএছ) নেতাসকলৰ সৈতে সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত দিনজোৰা ধর্ণা কার্যসূচী ৰূপায়ন কৰাৰ লগতে প্ৰধানমন্ত্ৰীক সমস্যা সমাধানৰ বাবে বান্ধি দিছে ২৪ ঘণ্টাৰ সময় ৷ ৰাজ্যখনত ধান ক্ৰয়ক লৈ কৰা বঞ্চনাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী গৰাকীয়ে দিল্লীত ধর্ণা কার্যসুচী ৰূপায়ন কৰে ৷ তদুপৰি ৰাজ্যখনৰ পৰা ১৫ লাখ টন চাউল ক্ৰয় কৰাৰ দাবীও উত্থাপন কৰিছে কে চি আৰে ৷
প্ৰতিবাদী কার্যসুচীত অংশগ্ৰহণ কৰি তেওঁ কয় “যদি মোদীৰ সাহস আছে, তেন্তে তেওঁ মোক গ্ৰেপ্তাৰ কৰি দেখুওৱাক ৷ মই প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলক অনুগ্ৰহ কৰি আমাৰ শস্য কিনিবলৈ আহ্বান জনাইছো । মই আপোনালোকক ২৪ ঘণ্টা সময় দিছো ৷ তাৰ পিছত, আমি আমাৰ সিদ্ধান্ত লম ৷” দলৰ সাংসদ, বিধায়ক, সকলো কেবিনেট মন্ত্ৰী আৰু নগৰ আৰু গ্ৰাম্য স্থানীয় সংস্থাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে দিল্লীৰ তেলেংগানা ভৱনত ধৰ্ণাত বহে ৷ তেওঁ এইবুলিও কয় “তেলেংগানাই তেওঁলোকৰ অধিকাৰ বিচাৰিছে ৷ মই প্ৰধানমন্ত্ৰীক এক নতুন কৃষি নীতি প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছো আৰু আমি ইয়াত অৰিহণা যোগাব বিচাৰো । যদি আপুনি এয়া নকৰে, তেন্তে আপোনাক ক্ষমতাচ্যুত কৰা হ’ব আৰু নতুন চৰকাৰে এক নতুন একত্ৰিত কৃষি নীতি প্ৰস্তুত কৰিব ৷চৰকাৰৰ পতন ঘটাব পৰা ক্ষমতা থকা কৃষকসকলৰ অনুভূতিৰ সৈতে নাখেলিব। কৃষকসকল ভিক্ষাৰী নহয় ৷”
কেন্দ্ৰীয় চৰকাৰে চলিত বর্ষত তেলেংগানাৰ চাউল কিনিবলৈ কৰা অনুৰোধ অস্বীকাৰ কৰাৰ পিছত টি আৰ এছে ইয়াৰ প্ৰতিবাদ তীব্ৰতৰ কৰিছিল ৷ধৰ্ণাৰ আগতে, টি আৰ এছে ‘এক ৰাষ্ট্ৰ-এক ক্ৰয় নীতি’ আৰু ‘কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰা’ শ্লোগানেৰে বিলব’ৰ্ড আৰু পোষ্টাৰ লগাই প্ৰতিবাদ সাৱ্যস্ত কৰে ৷