ভাৰতীয় বেংকিং সেৱাৰ ওপৰত চাইবাৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । সংবাদ সংস্থা ৰয়টাৰৰ মতে, ‘ৰান্সোমাইৰ’ৰ আক্ৰমণৰ বাবে দেশৰ ৩০০টা ক্ষুদ্ৰ বেংকৰ ধন স্থানান্তৰ সেৱা সাময়িকভাৱে ব্যাহত হৈ পৰিছে। সেই বেংকসমূহক লেনদেন প্ৰযুক্তি প্ৰদান কৰা কোম্পানী চি-এজ টেকন’লজিৰ ওপৰত সংঘটিত হৈছে এই আক্ৰমণ । ভাৰতীয় ৰিজাৰ্ভ বেংকে এই চাইবাৰ আক্ৰমণৰ সবিশেষ এতিয়াও প্ৰকাশ কৰা নাই।
ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেশ্যনে এক অধিসূচনা জাৰি কৰি চাইবাৰ আক্ৰমণৰ বিষয়ে অৱগত কৰে। এন পি চি আইৰ দ্বাৰা পৰিচালিত খুচুৰা লেনদেন ব্যৱস্থাৰ পৰা “চি-এজ টেকন’লজি” সাময়িকভাৱে বিচ্ছিন্ন কৰা হৈছে বুলি তেওঁলোকে কয়। এন পি চি আইয়ে লগতে কয় যে ‘চি-এজ টেকন’লজি’ৰ পৰা প্ৰযুক্তি ব্যৱহাৰ কৰি থকা বেংকৰ গ্ৰাহকে সাময়িকভাৱে ধন বিনিময় কৰিব নোৱাৰিব। সেই বেংকসমূহ দেশৰ ধন স্থানান্তৰ নেটৱৰ্ক সেৱাৰ পৰা সাময়িকভাৱে বিচ্ছিন্ন হৈ পৰিছে।
এন পি চি আইৰ এক সূত্ৰ অনুসৰি ভাৰতত প্ৰায় ১৫০০ সমবায় আৰু আঞ্চলিক বেংক আছে। ইয়াৰে অধিকাংশই ডাঙৰ চহৰৰ বাহিৰত কাম কৰে। ইয়াৰে কিছুমান বেংক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে অধিকাংশই সৰু বেংক। এই চাইবাৰ আক্ৰমণে দেশৰ মুঠ লেনদেন সেৱাৰ এটা সৰু অংশহে প্ৰভাৱিত কৰিছিল। এই আক্ৰমণ যাতে বিয়পি নাযায় তাৰ বাবে এনপিচিআইয়ে অডিট চলাই আছে।
দেশৰ শীৰ্ষ বেংক আৰু ভাৰতৰ চাইবাৰ কৰ্তৃপক্ষই বিগত কেইসপ্তাহ ধৰি দেশৰ সকলো বেংককে সম্ভাৱ্য চাইবাৰ আক্ৰমণৰ সন্দৰ্ভত সকীয়াই দিছিল। ইয়াৰ মাজতে বুধবাৰে এই আক্ৰমণ সংঘটিত হয় ।