VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটীৰ শিশু নাট্য বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ তেজপুৰ মণ্ডলৰ নাট প্ৰতিযোগিতাৰ সামৰণি

voicedesk by voicedesk
August 23, 2023
in মুখ্য সংবাদ
গুৱাহাটীৰ শিশু নাট্য বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ তেজপুৰ মণ্ডলৰ নাট প্ৰতিযোগিতাৰ সামৰণি
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২২আগষ্ট:–গুৱাহাটীৰ শিশু নাট্য বিদ্যালয়ে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী উপলক্ষে যোৱা ১৯ আৰু ২০আগষ্টত অসমৰ তিনিটা মণ্ডলত আয়োজন কৰা তেজপুৰ মণ্ডলৰ সদৌ অসম ভিত্তিত শিশু নাট প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে । অসমৰ বিভিন্ন জিলাৰ মুঠ ২০টা শিশু নাট্য দলৰ যোগদান কৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ৰঙ্গমঞ্চত ১৯ আগষ্টত প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই । অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা উপস্থিত থাকে । গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠাপক মানিক ৰয়ে সংবাদ মাধ্যমক জনোৱা শিশু প্ৰতিযোগিতাখনিৰ ঘোষিত ফলাফল অনুসৰি বিশ্বনাথ জিলাৰ বৰঙাবাৰীৰ “বাট থিয়েটাৰ”ৰ দলে (নাটক-“নিগনিৰ দৌৰ”)প্ৰথম শ্ৰেষ্ঠ নাট্যদল,লখিমপুৰ জিলাৰ “পূবেৰুণ মইনা পাৰিজাত”ৰ দলে (নাটক-“কুৰুক্ষেত্ৰত খেলিমেলি”) দ্বিতীয় শ্ৰেষ্ঠ আৰু বিশ্বনাথ জিলাৰ “নাট্য প্ৰশিক্ষণ কেন্দ্ৰ”ৰ দলে (নাটক -“মেইন ভাওঁ কোনে ল’ব”) তৃতীয় শ্ৰেষ্ঠ নাট্যদলৰ সন্মান অৰ্জন কৰে ।

সেইদৰে শ্ৰেষ্ঠ অভিনেতা শিতানত আয়ুষ্মান নেওগে (নাটক-”ঔগুৰিৰ খেল”) প্ৰথম,উদ্দীপন দাসে (নাটক- “গোবৰ্দ্ধনৰ গোপাল) দ্বিতীয় আৰু অবিনাশ ভৰদ্বাজে (নাটক-“ত্যাগ”) তৃতীয় পুৰস্কাৰ লাভ কৰে । ইপিনে শ্ৰেষ্ঠ অভিনেত্ৰী ৰূপে নৱনিশা বৰাই (নাটক-”ভেকোলা মহাজনৰ বিলৈ”)প্ৰথম,গৰিমা হাজৰিকাই (নাটক- ”কুৰুক্ষেত্ৰত খেলিমেলি”) দ্বিতীয় আৰু গ্ৰীতৃষ্ণা মহন্তই (নাটক-”মেইন ভাওঁ কোনে ল’ব” ) তৃতীয় পুৰস্কাৰ লাভ কৰে । আনহাতে প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল হিচাপে কাৰ্বি আংলঙৰ অসম নাট্য সন্মিলনৰ লাংহিন শাখা (নাটক-”আমি মানুহ হ’ম মানুহৰ পূজাৰী”) বিবেচিত হয় । শ্ৰেষ্ঠ পৰিচালক ৰূপে পূবেৰুণ মইনা পাৰিজাতৰ নিতুল ডেকাই (নাটক-“কুৰুক্ষেত্ৰত খেলিমেলি”), দ্বিতীয় শ্ৰেষ্ঠ পৰিচালক ৰূপে পংকজ ৰাজখোৱা (নাটক- “ভেকোলা মহাজনৰ বিলৈ”) আৰু তৃতীয় শ্ৰেষ্ঠ পৰিচালক ৰূপে সন্তৰাম দাসে (নাটক-”বনভোজৰ বৰভুল”) খিতাপ অৰ্জন কৰে । শ্ৰেষ্ঠ নাট্যকাৰ ৰূপে নগাঁৱৰ ৰাইদঙ্গীয়াৰ অঞ্জন ভূঞাই (নাটক- ”গোহালি ঘৰৰ দূৰদৰ্শন”)প্ৰথম, বাবুল বৰঠাকুৰে (নাটক- “যোগ-বিয়োগ”) দ্বিতীয়,ৰিপন শইকীয়াই (নাটক-”জোনাকীৰ পৃথিৱী”) তৃতীয় স্থান অধিকাৰ কৰে । শ্ৰেষ্ঠ সংগীত পৰিচালক ৰূপে দাধৰা ৰূপজ্যোতি মইনা পাৰিজাতৰ শুভ্ৰজ্যোতি বৰাই (নাটক-“ভেকোলা মহাজনৰ বিলৈ”),শ্ৰেষ্ঠ আলোকসজ্জাত বিশ্বনাথ চাৰিআলিৰ পঞ্চতাৰকাৰ মাইনু শইকীয়া (নাটক-”কৰিশ্মা আহি আছে”),শ্ৰেষ্ঠ দৃশ্যসজ্জাত তেজপুৰ কেতেকীবাৰীৰ ৰূপসজ্জা ডলফিন কলা নিকেতনৰ ৰঞ্জিত ভৰালী (নাটক-“ত্যাগ”),শ্ৰেষ্ঠ ৰূপসজ্জাত জ্যোতিনগৰৰ জে বি ফাউণ্ডেচনৰ দিব্যজ্যোতি নাথ বিবেচিত হয় ।

উল্লেখযোগ্য যে শিশু নাট প্ৰতিযোগিতাখনিত অনুৰূপা ডেকাৰজা,লুইত বৰুৱা আৰু সঞ্জীৱ বুঢ়াগোঁহাই বিচাৰক হিচাপে উপস্থিত থকা দুদিনীয়াকৈ আয়োজিত নাট প্ৰতিযোগিতাখনি তেজপুৰৰ বহু নাট্যপ্ৰেমী দৰ্শক ৰাইজে নাট উপভোগ কৰে । অনুষ্ঠানটিত বিশেষ অতিথি হিচাপে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ সভাপতি তথা অসম শিশু সাহিত্য ন্যাসৰ সচিব বিশিষ্ট সাহিত্যিক হৃষীকেশ গোস্বামী,বাণ থিয়েটাৰৰ সম্পাদক জিতুমণি দেৱ চৌধুৰী, পৰিচালক-অভিনেতা ভূপেন শৰ্মাৰ লগতে উপস্থিত আছিল নাট্যকাৰ জিতেন শৰ্মা, নাট্যকাৰ শোভেশ্বৰ দাস, সাংস্কৃতিক কৰ্মী ৰাজকুমাৰ দাস আদি প্ৰমূখ্যে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ একাংশ সদস্য আৰু বিষয়বীয়া উপস্থিত থাকে । আনহাতে অহা ২৬-২৭আগষ্টত নলবাৰী আৰু ৯-১০ছেপ্তেম্বৰত শিৱসাগৰত আন দুটা মণ্ডলত সদৌ অসম ভিত্তিত শিশু নাট প্ৰতিযোগিতাখনি অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জনাইছে ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

অৱতৰণৰ পূর্বে লেজাৰ ৰশ্মিৰে মসৃণ ভুমি বিচাৰিব লেণ্ডাৰ বিক্ৰমে , আটাইতকৈ কঠিন অৱতৰণৰ ১৫ মিনিটত কিদৰে নিয়ন্ত্ৰিত হ’ব চন্দ্ৰযান !!

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
চন্দ্ৰত উপনীত হ’বলৈ বাকী মাত্ৰ ১৭৭ কিলোমিটাৰ ,চন্দ্ৰযান-৩য়ে সোমবাৰে সলনি কৰিলে আন এক কক্ষপথ

অৱতৰণৰ পূর্বে লেজাৰ ৰশ্মিৰে মসৃণ ভুমি বিচাৰিব লেণ্ডাৰ বিক্ৰমে , আটাইতকৈ কঠিন অৱতৰণৰ ১৫ মিনিটত কিদৰে নিয়ন্ত্ৰিত হ’ব চন্দ্ৰযান !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7