গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে ৰাজ্যখনৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো ৷ সোমবাৰে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।উল্লেখ্য যে কিছুদিন পূৰ্বে প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ৰঙিয়াৰ স্বস্তি হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু তেওঁৰ দেহৰ কিছু কিছু অংশত পানী জমা হোৱাত অধিক উন্নত চিকিৎসাৰ প্ৰয়োজন হয়।
ৰাজ্য চৰকাৰৰ দুগৰাকী মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰাৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে সোমবাৰে ততাতৈয়াকৈ জিএমচিলৈ প্ৰেৰণ কৰে। বিশেষ এম্বুলেন্সেৰ সহায়ত দলৰ কেন্দ্ৰীয় সম্পাদক অৰ্ণৱ ভৰালীৰ সহযোগত ৰঙিয়াৰ স্বস্তি হাস্পতালৰ পৰা তেওঁক গুৱাহাটী লৈ অনা হয়।
প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীক জি এম চি ৰ চি এন চেনেপ্ৰটাৰত ভৰ্তি কৰোৱা হয়। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই চি এন চেন্টাৰৰ সঞ্চালক ডাঃ বসন্ত বৈশ্যক সকলো চিকিৎসকৰ সৈতে এটা গোট গঠন কৰি চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়ে।