গুৱাহাটী ১ নবেম্বৰ ২০২৩ : আজি ভাৰতীয় জনতা পার্টি ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ নিৰ্দেশ মৰ্মে , গুৱাহাটী মহানগৰ জিলা সংখ্যালঘু মৰ্চাৰ দ্বাৰা “চুক্রিয়া মোদীজী”নামৰ এক অনুষ্ঠান আয়োজন কৰা হয় ।
গুৱাহাটী হেঙেৰাবাৰীস্থিত অটল অমৃত উদ্যানত “চুক্ৰিয়া মোদীজী” শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটিৰ মূল উদ্দেশ্য দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশেষকৈ ইছলাম ধৰ্মী মহিলা সকলৰ বাবে ত্ৰিপুল তালাকৰ দৰে প্ৰথা ভংগ কৰি সাংবিধানিক সুৰক্ষা প্ৰদান কৰে। লগতে লোকসভা আৰু বিধানসভাত ৩৩ % মহিলা সংৰক্ষণৰ যি এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে সেই হেতুকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক উপায়ুক্ত মহোদয়ৰ জৰিয়তে এখনি ধন্যবাদ সূচক পএ প্ৰেৰণ কৰে।
আনহাতে জিলা কাৰ্য্যলয়ত উক্ত কাৰ্য্যসূচীৰ লগে লগে এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। প্ৰায় ১০০ গৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাই মোডী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ আজি আনুষ্ঠানিকভাৱে দলৰ নীতি আৰু আদৰ্শ গ্ৰহণ কৰি দলত যোগদান কৰে।
উক্ত অনুষ্ঠানত ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি শ্ৰীযুত শান্তিয়াছ কুজুৰ, ৰাজ্যিক সাধাৰণ সম্পাদক খলিলুৰ ৰহমান, জিলা সভাপতি তপন চন্দ্ৰ দাস, ৰাষ্ট্ৰীয় সংখ্যালঘু বৰ্ডৰ সদস্য জেফৰিণ মেহজবিন, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ উপ সভাপতি ইন্দৰ সিং, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সদস্য ওচমান গনি, আৰু দলীয় কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে ।