শনিবাৰে ১২ ঘণ্টীয়া বৰপেটা জিলা বন্ধৰ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ বৰপেটা জিলা সমিতিয়ে ৷ বজালী জিলা গঠনৰ নামত বৰপেটা জিলাক খণ্ডিত কৰাৰ প্ৰতিবাদত শনিবাৰে এই ১২ ঘণ্টীয়া বৰপেটা জিলা বন্ধৰ আহ্বান জনাইছে সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাই ৷
শুকুৰবাৰে এখন সংবাদমেলযোগে এই বন্ধৰ আহ্বান জনাইছে আছুসহ কেবাটাও দল-সংগঠনে ৷ বৰপেটাৰ শ্বহীদ ভৱনত আয়োজিত সংবাদমেলযোগে দল-সংগঠনৰ নেতৃবৃন্দই সদৰী কৰা অনুসৰি পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ ১২ ঘণ্টীয়া সৰ্বাত্মক বৰপেটা জিলা বন্ধৰ আহ্বান জনোৱা হৈছে ৷
উল্লেখ্য যে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে নতুন চাৰিখন নতুন জিলা গঠন কৰিছে ৷ ইয়াৰে নৱগঠিত বজালীত বৰপেটা জিলাৰ সৰভোগ, বৰপেটা ৰোড, হাউলী আদি অঞ্চল অন্তভুর্ক্ত কৰা হৈছে ৷ ইয়াৰ প্ৰতিবাদত বিগত দিনসমূহত বৰপেটা জিলাবাসীয়ে ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ৷ তৎসত্বেও চৰকাৰী কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এই বন্ধৰ আহ্বান জনাইছে দল-সংগঠনসমূহে ৷