অহা ২৬ অক্টোবৰত অসমৰ ১২ বিৰোধী দলৰ বৈঠক অনুষ্ঠিত হ’ব ৷বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ অসম শাখাৰ বৈঠকখন মহানগৰীৰ হোটেল লিলিত অনুষ্ঠিত হ’ব ৷ আজি এই কথা সদৰী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি প্ৰতিটো দলৰ ৰাজনৈতিক –সাংগঠনিক বিষয়সমূহ বৈঠকত আলোচনা কৰা হ’ব ৷ তদুপৰি প্ৰতিটো দলৰ নিজা নিজা বিষয়সমূহো এই বৈঠকত আলোচিত হ’ব ৷
আগন্তুক লোকসভা নির্বাচনৰ ক্ষেত্ৰত দলসমূহৰ নিজা নিজা চিন্তাসমূহ উমৈহতীয়া মঞ্চত আলোচনা কৰি আগবঢ়ায় নিব বুলিও তেওঁ সদৰী কৰে ৷ ইপিনে আসন ভাগ-বতৰাক লৈ বিৰোধী দলসমূহৰ মাজত কনো খামখেয়ালি নাই বুলি ভূপেন বৰাই উল্লেখ কৰে ৷ বৰাই কয়-“ সকলো দলেই যে লোকসভা নির্বাচনত প্ৰতিদ্বন্দিতা কৰিব তেনেকুৱা কথা নাই ৷ কোনোবাই লোকসভাত প্ৰতিদ্বন্দিতা কৰিব , আন কোনোবাই আকৌ বিধানসভাত প্ৰতিদ্বন্দিতা কৰিব ৷বিজেপিক কিদৰে প্ৰতিহত কৰিম তাৰ মনোভাৱ সকলোৱে ল’ব লাগিব ৷ ‘ সকলো দলেই এৰাধৰা কৰিব বুলিও আশাবাদী প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৷ অৱশ্যে এই বৈঠকত কেন্দ্ৰীয় নেতৃত্বৰ কোনো উপস্থিত নাথাকে ৷ এই বৈঠকৰ পাছত প্ৰয়োজন হ’লে দিল্লীতো বৈঠক অনুষ্ঠিত হ’ব বুলিও সদৰী কৰে ভূপেন বৰাই ৷