৭ নবেম্বৰৰ পৰা পোন্ধৰ দিনীয়াকৈ অনুষ্ঠিত হবলগীয়া দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱলৈ মাজত মাত্ৰ এদিন থকা অৱস্থাত সকলো ভক্তপ্ৰাণ ৰাইজক সুস্থ আৰু নিকা পৰিবেশৰ মাজত আদৰিবলৈ আজি ৰাতিপুৱাৰ ভাগতে দুধনৈ ই-ৰিক্সা সন্থাৰ উদ্যোগত আৰু দুধনৈ আৰক্ষী থানা, দুধনৈ উন্নয়ন কমিটি, দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱ উদ্যাপন সমিতি, দুধনৈ ব্যবসায়ী সন্থাৰ সহযোগত সমগ্ৰ দুধনৈত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী হাতত লৈছে৷ এই অভিযানৰ শুভাৰম্ভ কৰে দুধনৈ আৰক্ষী থানাৰ উপ পৰিদৰ্শক কৰুণা বৰুৱাই৷এই চাফাই অভিযানে সমগ্ৰ দুধনৈ চহৰ খনক সামৰি লব ৷