বিজেপি নেত্ৰী জোনালী নাথৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ অভিযোগনামা আজি আৰক্ষীয়ে দাখিল কৰে ৷ গোচৰ সংক্ৰান্তীয় নথি–পত্ৰসহ প্ৰায় ২ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা আদালতত দাখিল কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ বিজেপি নেত্ৰী গৰাকীৰ হত্যাকাণ্ডৰ প্ৰায় তিনি মাহ সম্পূৰ্ণ হোৱাৰ সময়তে এই অভিযোগনামা দাখিল কৰা হৈছে ৷ যোৱা ১১ জুনত জোনালী নাথক বর্বৰভাৱে হত্যা কৰা হৈছিল ৷ এই ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ৷ ইয়াৰ পাছতে হত্যাকাণ্ডৰ দুই অভিযুক্ত ক্ৰমে হাছানুৰ আৰু আজিবুৰক গ্ৰেপ্তাৰ কৰা হৈছিল ৷মাটিয়া আৰু গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত এতিয়াও কাৰাগাৰত আছে ৷
হত্যাকাৰীৰ ফাঁচিৰ দাবীত আজিও অটল হৈ আছে প্ৰয়াত জোনালী নাথৰ স্বামী৷ সমান্তৰালভাৱে মাটিয়াবাসী ৰাইজেও বিচাৰিছে হত্যাকাৰীয়ে কঠোৰ শাস্তি লাভ কৰক ৷