আজিৰে পৰা আৰম্ভ হৈছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ প্ৰতিনিধি সন্মিলন। মেৰাপানী তেলীশালৰ হিড়িম্বা নগৰ ক্ষেত্ৰত আজিৰে পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছে এবছুৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অভিৰ্বতন ৷ এই সন্মিলন ৪ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব। বড়োসকলৰ বিভিন্ন সমস্যাৰাজিৰ লগতে শিক্ষা, সংস্কৃতি আৰু মহিলা সৱলীকৰণ সন্দৰ্ভত বিতং আলোচনা এই প্ৰতিনিধি সন্মিলনত অনুষ্ঠিত হ’ব ।
প্ৰায় এক কোটি পঞ্চাশ লাখ টকা ব্যয় সাপেক্ষে আয়োজন কৰা এই সন্মিলনত বিভিন্ন জনগোষ্ঠীয় নৃত্য গীত পৰিৱেশন কৰা হ’ব ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে আন একাংশ মন্ত্ৰী আৰু বিধায়কে এবছুৰ এই প্ৰতিনিধি সন্মিলনখনিত অংশগ্ৰহণ কৰিব ।
অসমৰ ৩৩ খন জিলাৰ লগতে নেপাল, ভূটান আৰু বাংলাদেশৰ পৰাও একাংশ প্ৰতিনিধিয়ে সন্মিলনখনিত যোগদান কৰিব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে। প্ৰতিনিধি সন্মিলনখনিৰ লগত সংগতি ৰাখি তিনিওটা দিনতে সন্মিলন স্থলীত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।