বড়োলেণ্ড বিশ্ববিদ্যালয়ত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত প্ৰতিবাদী কার্যসূচী অব্যাহত আছে ৷ বিতর্কিত উপাচার্য লাইশ্ৰাম লাডু সিঙক অপসাৰণৰ দাবীৰে এবছুৱে ৬ অক্টোবৰৰ পৰা এই প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰিছে ৷ এবছুৰ নেতা কর্মীৰ লগতে শিক্ষার্থীসকলে এই প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰে ৷ কোকৰাঝাৰ-চিৰাং আদি জিলাৰ মহাবিদ্যালয়ৰ শিক্ষার্থীসকলেও প্ৰতিবাদী কার্যসূচীত অংশগ্ৰহণ কৰে ৷ এই প্ৰতিবাদী কার্যসূচীত অংশগ্ৰহন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে যিগৰাকী ব্যক্তি অনিয়মৰ অভিযোগত কাৰাগাৰত আছিল তেনে এজন লোক কিদৰে উপাচার্য হৈ থাকিব ? তেওঁ ইয়াৰ পৰা যাবই লাগিব ৷ প্ৰতিবাদ অব্যাহত আছে আৰু আগলৈয়ো চলি থাকিব ৷ বিশ্ববিদ্যালয়খনত সংঘটিত অনিয়মৰ বাবে গঠন কৰা তিনিজনীয়া কমিটীৰ প্ৰতিবেদন কি হ’ল বুলিও তেওঁ প্ৰশ্ন কৰে ৷
বড়োৱে চিএম ভিজিলেন্সক লাডু সিঙক গ্ৰেপ্তাৰ কৰিবলৈয়ো তেওঁ দাবী জনায় ৷ বড়োয়ে কয় – ‘লাডু সিঙক গ্ৰেপ্তাৰ কৰাৰ বাবে যাৱতীয় অনুমতি ৰাজভৱনে দিয়া নাই ৷ ৰাজভৱনে ক্লীনশ্চীট নিদিয়াৰ বাবে আমাৰ মনত প্ৰশ্ন হৈছে যে ৰাজভৱনে অনিয়মক পশ্ৰয় দিছে নেকি ?ৰাজভৱন সংবিধান বিৰোধী কার্যত লিপ্ত হৈছে ৷ যাৰ বাবে ৰাজভৱন ঘেৰাও কার্যসূচী, ৰজপথ অৱৰোধ কার্যসূচী ,বড়োলেণ্ড বিশ্ববিদ্যালয় অনির্দ্দিষ্টকালীন সময়ৰ বাবে বন্ধ কৰিবলৈ আমি বাধ্য হ’ম ৷ “
ইয়াৰ পূর্বেও দুর্নীতিগ্ৰস্ত উপাচার্যক অপসাৰণৰ দাবীত এবছুৱে কেতবোৰ প্ৰতিবাদী কার্যসূচী গ্ৰহণ কৰিছিল ৷ গুৱাহাটীত ধর্ণাৰ উপৰি বিশ্ববিদ্যালয় চৌহদতো প্ৰতিবাদ সাৱ্যস্ত কৰিছিল এবছুৱে ৷