শনিবাৰে নিশা গুৱাহাটীৰ ছয়মাইলত সংঘটিত হয় এক শোকাৱহ পথ দুর্ঘটনা ৷ এই দুর্ঘটনাত নিহত হৈছে বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ভোমোলাহাটী গাঁৱৰ যুৱক চোলেমান চৌধুৰীৰ (৩৮) ৷ প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে চোলেমানৰ শাহুৱেক ৷ হাস্পতালৰ পৰা নিশা চোলেমান হোটেলত আহাৰ গ্ৰহণ কৰিবলৈ ওলাই আহিছিল ৷ যুৱকজনে পথ পাৰ হোৱাৰ সময়তে এখন তীব্ৰবেগী ওৱেগনাৰ বাহনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে । ফলত যুৱকজনৰ থিতাতে মৃত্যু হয়।
একাংশ লোকে চোলেমানক ছয়মাইলস্থিত জি এন আৰ চি হাস্পতাললৈ লৈ যায় যদিও তেওঁক চিকিৎসকে মৃত ঘোষণা কৰে ৷ চোলেমানৰ পৰিয়ালক হাস্পতাল কৰ্তৃপক্ষই পথ দুৰ্ঘটনা সম্পৰ্কে নিশা ফোনযোগে অবগত কৰে। ভোমোলাহাটী গাঁৱখনৰ এজন সৰবৰহী যুৱকৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে শোকৰ ছাঁ পৰে ৷ উল্লেখ্য যে পেচাত এজন ব্যৱসায়ী চোলেমান ১৭ দিন পূৰ্বে এটি পুত্ৰ সন্তানৰ পিতৃ হৈছিল ৷
অঞ্চলটোৰ বিভিন্ন সামাজিক ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা চোলেমানৰ মৃত্যুত বাইহাটা চাৰিআলিৰ ভোমোলাহাটী অঞ্চলত শোকৰ ছাঁ পৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতে তেওঁৰ মৃতদেহ পৰিয়ালক গটাই দিয়া হয় ৷