নুনমাটিত সংঘটিত চাঞ্চল্যকৰ ডাবল মার্ডাৰ ঘটনাৰ মূল অভিযুক্ত বন্দনা কলিতা মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হ’ল ৷ কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰিছে হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাৰ ৷ তদুপৰি একেটা গোচৰৰে আন এজন অভিযুক্ত তথা বন্দনাৰ সহযোগী ধনটি ডেকায়ো জামিন লাভ কৰিছে ৷ অসম আৰক্ষীৰ ব্যর্থতাৰ বাবেই দুই অভিযুক্তই জামিন লাভ কৰিবলৈ সক্ষম হৈছে ৷ কিয়নো গোচৰটোৰ পূর্ণাংগ চার্জশ্চীট আজিপর্যন্ত দাখিল কৰিব পৰা নাই ননুমাটি আৰক্ষীয়ে ৷ ইয়াৰ পূর্বে একেটা কাৰণতে গোচৰটোৰ অন্যতম অভিযুক্ত অৰূপ ডেকাইয়ো জামিন লাভ কৰিছিল ৷
উল্লেখ্য যে ২০২২ চনত স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক বন্দনা কলিতাই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ৷ অৰূপ ডেকা আৰু ধনটি ডেকাৰ সহযোগত স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দেক হত্যা কৰি চোকা অস্ত্ৰে টুকুৰা টুকুৰা কৰিছিল বন্দনাই ৷ ইয়াৰ পাছতে অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ শৰীৰৰ টুকুৰা মেঘালয়ৰ ডাউকীৰ সমীপৰ ভিন্ন স্থানত পেলাই দিছিল ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ ইয়াৰোপৰি ক্ৰমান্বয়ে উদ্ধাৰ হৈছিল হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দা, কাপোৰ তথা অন্যান্য সামগ্ৰী। ২০২৩ ৰ ১২ মে’ত এই হত্যাকাণ্ড সন্দৰ্ভত তদন্তকাৰী বিষয়াগৰাকীয়ে এখন আংশিক চাৰ্জশ্বিট দাখিল কৰিছিল যদিও পূৰ্ণাংগ চাৰ্জশ্বিট দাখিলত ব্যৰ্থ হয়।
কামৰূপ জিলা সত্ৰ ন্যায়াধীশে চৰ্ত সাপেক্ষে বন্দনাক জামিন প্ৰদান কৰে। সেই অনুসৰি সপ্তাহত দুটাকৈ দিনত তেওঁ নুনুমাটি আৰক্ষী থানাত হাজিৰ হ’ব লাগিব। গুৱাহাটীৰ বাহিৰলৈ আদালতৰ অনুমতি অবিহনে যাব নোৱাৰিব। যদি কোনো কাৰণত অসমৰ বাহিৰলৈ যাবলগীয়া হয় তেন্তে ন্যায়ালয়ৰ পৰা অনুমতি ল’ব লাগিব।