কানাড়া অভিনেতা সুৰজ কুমাৰ পথ দুৰ্ঘটনাত পতিত হৈছে । বাইকেৰে মহীশূৰৰ পৰা উটিলৈ গৈ থকাৰ সময়তে অভিনেতাগৰাকী দুর্ঘটনাত পতিত হয় । মহীশূৰ -গুণ্ডলেপুৰ ঘাইপথত সংঘটিত দুর্ঘটনাত তেওঁৰ জীৱন ৰক্ষাৰ বাবে সোঁ ভৰিখন কাটিব পেলাবলগীয়া হয় ৷ বৰ্তমান মহীশূৰ মণিপাল চিকিৎসালয়ত ভৰ্তি হৈ আছে সুৰজ।
শনিবাৰে বিয়লি প্ৰায় ৪ বজাত সংঘটিত হয় এই ঘটনা। উটিলৈ যোৱাৰ পথত ঘাইপথত এখন লৰীক অতিক্ৰম কৰাৰ সময়তে বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ইয়াৰ পিছত পোনে পোনে গৈ লৰীখন খুন্দা মাৰে অভিনেতাজনৰ বাইকখনে ৷ সেই সময়ত অভিনেতাজনৰ ভৰিৰ ওপৰেৰে লৰীখন পাৰ হৈ যায় ৷ শেষত অভিনেতাজনৰ সোঁ ভৰিখন কাটিব লগা পৰিস্থিতিৰ সৃষ্টি হয় ৷
কৰ্ণাটকৰ বিখ্যাত অভিনেতা ৰাজকুমাৰৰ পত্নী পাৰ্বথম্মাৰ ভতিজা হৈছে সুৰজ । সুৰজৰ পিতৃ নিজেই এজন প্ৰযোজক, চলচ্চিত্ৰ বিতৰক। ‘ভগৱন শ্ৰী কৃষ্ণ পৰমত্মা’ ছবিৰে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰাৰ কথা আছিল সুৰজ কুমাৰে। কিন্তু এই দুৰ্ঘটনাৰ পিছত তেওঁৰ কেৰিয়াৰৰ ভৱিষ্যতক লৈ কিছু সন্দেহৰ সৃষ্টি হৈছে।