ঘানাৰ এজন যুৱক ৷ নাম চুলেমানা আব্দুল ছামেদ৷ তেওঁ ইমানেই ওখ যে আন পাঁচজন মানুহৰ দৰে গাড়ীত সোমাব নোৱাৰে। আনকি নিজৰ ঘৰত প্ৰৱেশ কৰিবলৈও আন কাৰোবাৰ সহায়ৰ প্ৰয়োজন হয়। বিচনাত ভালকৈ শুবও নোৱাৰে। ২৯ বছৰীয়া চুলেমানা আব্দুল ছামেদৰ শাৰীৰিক উচ্চতা ৭ ফুট ৪ ইঞ্চি। ঘানাৰ আটাইতকৈ ওখ যুৱকজন এতিয়া চর্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।
শেহতীয়াকৈ চুলেমানাইও এই উচ্চতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। অৱশ্যে কিছুদিন আগলৈকে চুলেমানাৰ শাৰীৰিক উচ্চতাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। ঘানাৰ এখন স্থানীয় চিকিৎসালয়ত চুলেমানাৰ উচ্চতা জোখা হৈছিল । চিকিৎসালয় কৰ্তৃপক্ষই চুলেমানাৰ উচ্চতা ৮ ফুট ২৮ ইঞ্চি বুলি জানিব পৰা গৈছে। অৱশ্যে চুলেমানাই নিজেই তেওঁৰ উচ্চতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছিল। তেওঁ পুনৰ উচ্চতা জুখিবলৈ অনুৰোধ কৰিলে। চুলেইমানাৰ কথা ৰক্ষা কৰি পুনৰ উচ্চতা জোখা হয় আৰু আৰু তেওঁৰ উচ্চতা ৭ ফুট ৪ ইঞ্চি বুলি নিশ্চিত হয় ৷
বিশ্বৰ আটাইতকৈ ওখ লোকৰ স্বীকৃতি লাভ কৰাৰ দিশে তেওঁ ক্ৰমাৎ আগবাঢ়িছে ৷ চুলেইমানতকৈ ঠিক আগবাঢ়ি আছে তুৰস্কৰ বাসিন্দা চুলতান কোচেন। তেওঁৰ উচ্চতা ৮ ফুট ১ ইঞ্চি। তেওঁ পৃথিৱীৰ সপ্তম সৰ্বোচ্চ পুৰুষ। চুলেমানা উচ্চতাত চুলতানতকৈ ১ ফুট পিছ পৰি আছে। অৱশ্যে চুলেমানে দাবী কৰে যে তিনি-চাৰি মাহৰ মূৰে মূৰে তেওঁৰ উচ্চতা বৃদ্ধি পায়। যি হাৰত তেওঁৰ উচ্চতা বাঢ়িছে, তেওঁ যিকোনো দিনাই চুলতানক স্পৰ্শ কৰিব। তেওঁ লগতে কয় যে এই মুহূৰ্তত বহুত টকা উপাৰ্জন কৰিব বিচাৰে। অতিৰিক্ত উচ্চতাৰ বাবে তেওঁৰ ভৰিৰ গোৰোহা আৰু ভৰিৰ ছালৰ বহু সমস্যা হয়। এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ আগত চুলেমানাই কয় –“ আল্লাহে মোক যিদৰে সৃষ্টি কৰিছে তাত মই সুখী। মোৰ উচ্চতাৰ কোনো সমস্যা নাই।”