বিশ্বৰ ধনী ব্যক্তিৰ অন্যতম হৈছে মুকেশ আম্বানী ৷ মুকেশ আম্বানীৰ ব্যক্তিগত জীৱনক লৈ বহু লোক উৎসাহী। আম্বানী পৰিয়ালৰ অপৰিসীম ধন-সম্পত্তিৰ বিষয়ে কম বেছি পৰিমাণে সকলোৱে জানে। অৱশ্যে ধনকুবৰ আম্বানী যে খাদ্যৰসিক সেই কথা বহুতে নাজানে। মুকেশ আম্বানীয়ে নিজেই বিভিন্ন সাক্ষাৎকাৰত সেই কথা কৈছিল। বর্তমান তেওঁৰ বয়স ৬০ বছৰ অতিক্ৰম কৰিলে। গতিকে তেওঁ খোৱাৰ ক্ষেত্ৰত বহু নিয়ম মানি চলে।
দীৰ্ঘদিন ধৰি ফিট হৈ থকাৰ বাবে তেওঁ খোৱাৰ প্ৰতি সচেতন হৈ পৰিছে। ইচ্ছা কৰিলে প্ৰতিদিনে দেশ-বিদেশৰ বিখ্যাত ৰেষ্টুৰেণ্টৰ খাদ্যৰ সোৱাদ ল’ব পাৰে তেওঁ ৷ কিন্তু ল’ব নলয় । ঘৰৰ খাদ্য গ্ৰহণ কৰিবলৈ তেওঁ ভাল পায় ৷ধনকুবেৰে নিজকে সুস্থ কৰি ৰাখিবলৈ দিনটো কি কি নিয়ম মানি চলে?
পুৱা ৫.৩০ বজাত তেওঁ বিচনা ত্যাগ কৰে ৷ ইয়াৰ পাছতে মুকেশে সূৰ্য্য প্ৰণাম আৰু যোগাসন কৰে । ইয়াৰ পিছত কিছু সময় জিৰণি লয় আৰু পুৱাৰ আহাৰ গ্ৰহণ কৰে ৷ পুৱাৰ আহাৰতত ইডলি-ছাম্বাৰ আৰু ফল-মূল গ্ৰহণ কৰে । দক্ষ চেফৰ তত্বাৱধানত তেওঁৰ খাদ্য প্ৰস্তুত কৰা হয়।
তেওঁ কোনো আমিষ খাদ্য গ্ৰহণ নকৰে ৷ নিৰামিষ খাদ্য খায় আৰু শাক-পাচলি খাবলৈ ভাল পায়। মুকেশ আম্বানিয়ে পুৱাৰ আহাৰ আৰু দুপৰীয়াৰ আহাৰ মাজত পেট খালী নাৰাখে। শুকান ফল, স্মুদি, বিস্কুট আদি খাই থাকে। মুকেশে দুপৰীয়া চালাড, চূপ, দালি, সামান্য ভাত আৰু শাক-পাচলি খায়। তেওঁ প্ৰটিন, ফাইবাৰ আৰু কাৰ্বহাইড্ৰেটযুক্ত খাদ্য বেছিকৈ খায়। যাতে ইমানবোৰ দায়িত্ব চম্ভালিও নিজকে ফিট আৰু শান্ত কৰি ৰাখিব পাৰে। খোৱা-বোৱা খোৱাৰ উপৰিও তেওঁৰ খোজ কঢ়া আৰু ব্যায়াম কৰাৰ অভ্যাসও আছে। পুৱা সময় নাথাকিলেও দিনটো যেতিয়াই সময় পায় তেতিয়াই ট্ৰেডমিলত খোজ কাঢ়ে তেওঁ ।