একেলগে ১২খন দেশ আৰু ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তক মাতি আনি বাংলাদেশ চৰকাৰে সকীয়াই দিয়ে যে কূটনৈতিক নীতি-নিয়ম উলংঘা কৰাটো সহ্য কৰা নহ’ব।
বুধবাৰে বিয়লি পদ্ম ৰাষ্ট্ৰীয় অতিথিশালাত আমেৰিকা, ব্ৰিটেইন, জাৰ্মানী, ফ্ৰান্স, স্পেইন, কানাডা, ছুইজাৰলেণ্ড, নৰৱে আৰু নেদাৰলেণ্ডৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তসকল উপস্থিত থাকে। ইটালী, ডেনমাৰ্ক আৰু ছুইডেনৰ কূটনৈতিক মিছন আৰু ইউৰোপীয় সংঘৰ প্ৰতিনিধি আছিল। বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্বহৰিয়াৰ আলমে তেওঁলোকক কয় –“ বাংলাদেশৰ উপ-নিৰ্বাচন সন্দৰ্ভত তেওঁলোকৰ বক্তব্যই কূটনৈতিক শিষ্টাচাৰ উলংঘা কৰিছে। আশাকৰোঁ ভৱিষ্যতে তেওঁলোকে এই কামটো আৰু নকৰে।“
এই ১৩ জন ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তই ১৭ জুলাইত ঢাকা-১৭ সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী আশ্ৰাফুল আলম ওৰফে হিৰো আলমৰ বিৰুদ্ধে শাসকীয় দলৰ কৰ্মীৰ প্ৰতিবাদ সন্দর্ভত এক বিবৃতি প্ৰকাশ কৰে। ইয়াৰ পিছত এসময়ত ইমানবোৰ কূটনৈতিক প্ৰধানক মাতি অনা ঘটনাটো অভূতপূৰ্ব। বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীয়ে তেওঁলোকক অৱগত কৰে যে সেইদিনা কোনো অশুভ পৰিঘটনা নোহোৱাকৈ শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈছিল। ভোটগ্ৰহণৰ পিছত প্ৰাৰ্থীগৰাকীক আক্ৰমণৰ বলি হোৱাৰ লগে লগে প্ৰশাসনে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে। গতিকে সেই এটা ঘটনাৰ দ্বাৰা গোটেই দিনটোৰ ভোটগ্ৰহণ বিচাৰ কৰাটো ভুল হ’ব।
ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে তেওঁলোকক কয় -, “১৯ জুলাইত কূটনীতিবিদসকলে দিয়া বিবৃতিত আক্ৰমণকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনোৱা হৈছে। কিন্তু তাৰ পূৰ্বে আৰক্ষীয়ে দুজন আক্ৰমণকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে। গতিকে তেওঁলোকৰ বক্তব্যও বস্তুনিষ্ঠ নহয়।”
জেনেভা সন্ধিৰ কথা উল্লেখ কৰি শ্বহৰিয়াৰ আলমে কয় যে কূটনীতিবিদসকলৰ সকলো বক্তব্য আৰু অসন্তুষ্টি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক অৱগত কৰিব লাগে। বৰঞ্চ ৰাজহুৱা স্থানত তেওঁলোকে যৌথ বিবৃতি প্ৰকাশ কৰাটো কূটনৈতিক প্ৰট’কল উলংঘা কৰা। পিছত ৰাজ্য মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, “কূটনীতিবিদসকলক সকীয়াই দিয়া হৈছে যে এনে আচৰণে আত্মবিশ্বাসৰ সংকটৰ সৃষ্টি কৰে।” কূটনীতিবিদসকলৰ প্ৰতিক্ৰিয়া কি বুলি সোধাত শ্বাহৰিয়াৰ আলমে কয়, ‘ তেওঁলোকে কয় যে এই বক্তব্য কোনো বিশেষ উদ্দেশ্যৰে প্ৰকাশ কৰা হোৱা নাই। তেওঁলোকৰ লক্ষ্য চৰকাৰক নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত সহায় কৰা।”