ওড়িশা আৰু ঝাৰখণ্ডত আয়কৰ অভিযানত উদ্ধাৰ হোৱা ধনৰ পৰিমাণ বৃদ্ধি পাইছে। আয়কৰ বিভাগৰ সূত্ৰ অনুসৰি ৰাজ্য দুখনত আয়কৰ অভিযানত দেওবাৰলৈকে মুঠ ৩৫৩ কোটি টকা উদ্ধাৰ কৰা হৈছে। বিশ্বাস কৰা হয় যে ইয়াৰ পূৰ্বে দেশত আয়কৰ অভিযানত ইমান ক’লা ধন উদ্ধাৰ হোৱা নাই।
প্ৰসংগক্ৰমে কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সদস্য ধীৰাজ ছাহুৰ ঘৰ আৰু প্ৰতিষ্ঠানত যোৱা বুধবাৰৰ পৰা ওড়িশা আৰু ঝাৰখণ্ডত আয়কৰ অভিযান আৰম্ভ হৈছে। তদন্তকাৰী বিষয়াসকলে প্ৰথমে ওড়িশাৰ এটা বৃহৎ সুৰা কাৰখানাৰ পৰা প্ৰায় ৩০০ কোটি টকা উদ্ধাৰ কৰে। ধনৰ উৎসৰ সন্ধান উলিয়াওঁতে ধীৰাজ ছাহুৰ নাম তদন্তকাৰীৰ হাতলৈ আহিল। ইয়াৰ পিছত আয়কৰ বিভাগৰ বিষয়াসকলে তেওঁৰ ঘৰত তালাচী চলাবলৈ আৰম্ভ কৰে ৷ শনিবাৰে আয়কৰ বিভাগে ৰাঁচীৰ তেওঁৰ ঘৰকে ধৰি কেইবাটাও স্থানত তালাচী চলায়। কংগ্ৰেছৰ সাংসদগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে ধন ভৰ্তি তিনিটা বেগ। ইয়াৰ উপৰিও ব্ৰুৱেৰীৰ শীৰ্ষ বিষয়া বাণ্টী ছাহুৰ ঘৰৰ পৰা প্ৰায় ১৯ বেগ ভৰ্তি ধন উদ্ধাৰ কৰা হৈছে বুলি আয়কৰ বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।
আয়কৰৰ সূত্ৰ অনুসৰি বাণ্টীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে ২০ কোটি টকা। ইফালে, ওড়িশাৰ বৌধ জিলাৰ ব্ৰুৱেৰীৰ সমীপত আয়কৰ অভিযান চলি থকা ঠাইৰ পৰা বৃহৎ পৰিমাণৰ ফটা ৫০০ টকীয়া নোট উদ্ধাৰ হোৱাটো পুনৰ পোহৰলৈ আহিছে। স্থানীয় ৰাইজে টকাখিনি দেখি আৰক্ষীক খবৰ দিয়ে। মুঠতে আয়কৰ বিষয়াসকলে ১৭৬টা বেগ উদ্ধাৰ কৰে। ইয়াৰে অধিকাংশই বৌধ জিলাৰ ব্ৰুৱেৰীৰ পৰা উদ্ধাৰ কৰা হৈছে। আয়কৰ বিভাগৰ তথ্য অনুসৰি ধীৰাজৰ পৰিয়ালৰ কেইবাজনো সদস্যই সুৰা প্ৰস্তুতৰ ব্যৱসায়ত জড়িত। তেওঁৰ পৰিয়ালৰ সদস্যৰ ওড়িশাত এনে কেইবাটাও কাৰখানা আছে।
বোলাংগীৰৰ এটা চৰকাৰী বেংকৰ আঞ্চলিক পৰিচালক ভগত বেহেৰাই সংবাদ সংস্থা এএনআইক জনাইছে যে উদ্ধাৰ হোৱা ১৭৬টা বেগৰ ভিতৰত ১৪০টা বেগ গণনা সম্পূৰ্ণ হৈছে। গণনা প্ৰক্ৰিয়া সময়মতে সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত মেচিন আৰু বেংকৰ কৰ্মচাৰী নিয়োগ কৰা হৈছে। মুঠ ৪০টা মেচিনেৰে ৫০জন বেংক কৰ্মচাৰীয়ে ধন গণনা কৰি আছে। টকা গণনা কৰাৰ সময়ত মেচিনসমূহত কোনো ধৰণৰ কাৰিকৰী সমস্যাৰ পৰা হাত সাৰিবলৈ আগতীয়াকৈ অভিযন্তাক লগত ৰখা হৈছে।
লক্ষণীয়ভাৱে কংগ্ৰেছে দলৰ সাংসদগৰাকীৰ ঘৰ আৰু কাৰ্যালয়ৰ পৰা ধন উদ্ধাৰ হোৱাৰ পিছতে দলৰ সাংসদগৰাকীৰ পৰা আঁতৰি আহিছে। কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশ এক্সে (প্ৰাক্তন টুইটাৰ) হেণ্ডেলত পোষ্ট কৰি লিখিছে, “কংগ্ৰেছ কোনো কাৰণতে সাংসদ ছাহুৰ ব্যৱসায়ৰ লগত জড়িত নহয়। তেওঁৰ ঘৰ আৰু অফিচৰ পৰা কেনেকৈ ইমান টকা উদ্ধাৰ হ’ল সেয়া তেওঁহে জনাবপাৰে। তেওঁ সেইটো জনোৱা উচিত ৷ “ এই ধনৰ ৰহস্য এতিয়াও উদ্ধাৰ হোৱা নাই ৷ ছাউৱে বিমুদ্ৰাকৰণৰ তীব্ৰ বিৰোধিতা কৰিছিল ৷