পুনৰ আৰক্ষীৰ জালত পৰিছে দুই ঘোচখোৰ চৰকাৰী কর্মচাৰী ৷বকোত এজন আৰক্ষী বিষয়াৰ লগতে কামৰূপ জিলাৰ সহকাৰী আয়ুক্তক দুর্নীতি নিবাৰকে গ্ৰেপ্তাৰ কৰিছে ৷
বকোত এএছআই মুকুট আলীক গ্ৰেপ্তাৰ কৰা হৈছে । এগৰাকী মহিলাৰ পৰা ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আলীক । ৩ হাজাৰ উৎকোচ লোৱাৰ সময়তে হাতে–লোটে তেওঁক গ্ৰেপ্তাৰ কৰা হয় ৷ জে’লত থকা স্বামীৰ কেচ ডায়েৰীৰ বাবদ মুকুত আলীয়ে উৎকোচ বিচাৰিছিল । ফণী দাস নামৰ এজন চাহ দোকানীৰ জৰিয়তে মুকুট আলীয়ে লৈছিল ধন ৷ফোনৰ বাৰ্তালাপ আৰু চাহ দোকানীৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় আৰক্ষী বিষয়াজনক। মুকুট আলীৰ ভাৰাতীয়া ঘৰটো তালাচী চলাইছে দুর্নীতি নিবাৰকে ।
ইফালে, উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে কামৰূপৰ সহকাৰী আয়ুক্ত দিপাংকৰ কলিতা। দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে–লোটে গ্ৰেপ্তাৰ কৰে দিপাংকৰ কলিতাক। কামৰ ফাইল কার্যালয়ত আৱদ্ধ কৰি ৰাখি ধন দাবী কৰি আহিছিল দিপাংকৰ কলিতাই ৷ আজি দুৰ্নীতি নিবাৰক শাখাই এক অভিযোগৰ ভিত্তিত অভিযান চলায় তেওঁক গ্ৰেপ্তাৰ কৰে ৷