গুৱাহাটী, ২ জানুৱাৰীঃ আজি পঞ্চম দিনা “অসমীয়া সমালোচনা সাহিত্যঃ অৱলোকন”, “গল্পৰ আবেলি” আদি বিভিন্ন মনোজ্ঞ অনুষ্ঠান আৰু গ্ৰন্থপ্ৰেমীৰ সোঁত, লেখক-পাঠকৰ আড্ডাই উমাল কৰি তোলে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ যেন ভাষা-সাহিত্য-সংস্কৃতিৰ এক পীঠস্থানলৈ ৰূপান্তৰিত হৈছে চানমাৰি বাকৰিৰ গ্ৰন্থোৎসৱ ৷ বিপণীত পঢ়ুৱৈৰ উপস্থিতিয়ে প্ৰকাশন গোষ্ঠী সমূহকো বাৰুকৈয়ে উৎসাহিত কৰা পৰিলক্ষিত হৈছে ৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি পৰ্যন্ত অসম গ্ৰন্থমেলা, গুৱাহাটীত ১ কোটি ৩৫ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে প্ৰকাশন পৰিষদে ৷ইপিনে আজি বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে “ অসমীয়া সমালোচনা সাহিত্যঃ অৱলোকন” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷
আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট সাহিত্যিক-সমালোচক ড° আনন্দ বৰমুদৈয়ে৷ তেওঁ বক্তব্যত এইবুলি প্ৰকাশ কৰে—“অসমীয়া সাহিত্য দ্ৰুতগতিত আগ বাঢ়িছে ৷ কিন্তু সমালোচনা সাহিত্যই সেই তাল মিলাব পৰা নাই ৷ অসম প্ৰকাশন পৰিষদে এই বিষয়ক কেন্দ্ৰ কৰি আলোচনা সত্ৰৰ আয়োজন কৰাটো অন্ত্যন্ত ইতিবাচক ৷” তেওঁ কয় যে শ্বেইক্সপিয়েৰৰ দৰে মহান সাহিত্যিকো কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে ৷ কিন্তু এই লৈ পশ্চিমীয়া সাহিত্য জগতত অসহিষ্ণুতাৰ চিহ্ন নাই ৷ এনে সমালোচনা অসমীয়া সাহিত্যত এতিয়াও সম্ভৱ হৈ উঠা নাই ৷ সমালোচনা সাহিত্যই সাহিত্যৰ ভৱিষ্যত উজলাই তোলে ৷ অসমীয়া সমালোচনা সাহিত্যয়ো এই ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ ইয়াত অংশগ্ৰহণ কৰা আলোচক অতিথি , সাহিত্য-সমালোচক, কবি ড° প্ৰাণ্জিৎ বৰাই পশ্চিমীয়া প্ৰেক্ষাপটৰ পৰা অসমীয়া সমালোচনা সাহিত্যৰ গতি-প্ৰকৃতিৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগ বঢ়ায় ৷
তেওঁ কয় যে বাণীকান্ত কাকতীয়ে ছাত্ৰাৱস্থাৰ পৰাই সমালোচনা সাহিত্য লিখি অসমীয়া সাহিত্যত ইয়াৰ পথ মুকলি কৰিছিল ৷ পশ্চিমীয়া জ্ঞান শিক্ষাৰ প্ৰত্যেয়েৰে বাণীকান্ত কাকতীয়ে ঐতিহ্যৰ সন্ধান কৰিছিল ৷ বাণীকান্ত কাকতীৰ পৰা তীৰ্থনাথ শৰ্মা হৈ যজ্ঞেশ্বৰ শৰ্মালৈ সেই কালৰ মনীষীসকল ইংৰাজী সাহিত্যৰ লগতে সংস্কৃতৰো পণ্ডিত আছিল ৷ সেইবাবে তেওঁলোকৰ সমালোচনা সাহিত্য উত্তম হৈ পৰিছিল ৷ ঔপনিৱেশিক কালত বাণীকান্ত কাকতীয়ে সাহিত্যৰ ভেটিতে জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ৷ ইয়াৰ পাছত ডিম্বেশ্বৰ নেওগ , বিৰিঞ্চি বৰুৱা, ত্ৰৈলোক্যনাথ গোস্বামী, মহেশ্বৰ নেওগ , সত্যেন্দ্ৰনাথ শৰ্মা , প্ৰফুলদত্ত গোস্বামী আদি সকলে সমালোচনাৰে অসমীয়া সাহিত্যৰ আধাৰ নিৰ্মাণ কৰিছে ৷ তাৰ পাছত হেম বৰুৱা , ভবানন্দ দত্তই সমালোচনাৰে নতুন দিশ উন্মোচন কৰিছিল ৷ প্ৰাচ্য আৰু পাশ্চাত্যৰ মৈত্ৰী আছিল সেই সমালোচনাৰ লক্ষ্য ৷ মহেন্দ্ৰ বৰা , হোমেন বৰগোহাঞি , উপেন্দ্ৰ নাথ শৰ্মা , দিলীপ বৰুৱা , নলিনীধৰ ভট্টাচাৰ্যই, হীৰেন গোঁহাই , ভৱেন বৰুৱাই অসমীয়া সমালোচনা সাহিত্যক নতুন চিন্তাৰে সমৃদ্ধ কৰিছে ৷ কবীন ফুকন , ইমদাদ উল্লাহ , গোৱিন্দ প্ৰসাদ শৰ্মা , আজিৎ বৰুৱা, ৰঞ্জিত কুমাৰ দেৱগোস্বামী , হৰেকৃষ্ণ ডেকা , মুনীন বায়ন, মনোজ শৰ্মা , অৰিন্দম বৰকটকীৰ বিষয়েও তেওঁ উল্লেখ কৰে ৷
একেদৰে ইয়াত আলোচক অতিথিৰূপে উপস্থিত থাকি সাহিত্য-সমালোচক অৰিন্দম বৰকটকীয়ে কয় যে অসমীয়া সমালোচনা সাহিত্যই স্বৰাজোত্তৰ কালতহে গজালি মেলে ৷ এই ধাৰাটো ইংৰাজী সাহিত্যৰ আধাৰতে গঢ় লৈ উঠে ৷ সমালোচনা সাহিত্যই মূল সাহিত্যৰ মূল্যায়ণ কৰে ৷ বাণীকান্ত কাকতীয়ে আধুনিক সাহিত্য সমালোচনাৰ বাট কাটিছিল ৷ ঐতিহ্য আৰু আধুনিকতাৰ সংঘাত সমালোচনা সাহিত্যৰ অন্যতম উৎস ৷ বৌদ্ধিক উত্তেজনাই সমালোচকক প্ৰভাৱিত কৰা দেখা যায় ৷ জোনাকী যুগৰ পৰা আজিলৈকে গঠনমূলক সমালোচনা সাহিত্যই কিমান শক্তিশালী গতি লভিব পাৰিছে সেয়া ভাবিবলগীয়া ৷ তেওঁ বিশেষকৈ ড° হীৰেন গোহাঁই আৰু ভৱেন বৰুৱাৰ সমালোচনা সাহিত্যৰ বিষয়ে আলোকপাত কৰি কয়—“ সমালোচকৰ মতাদৰ্শই সাহিত্যৰ মূল্যয়ানত প্ৰভাৱ পেলায় ৷ ড° হীৰেন গোঁহাই আৰু ভৱেন বৰুৱাৰ ক্ষেত্ৰতো এই কথা প্ৰতিপন্ন হৈছে ৷ সমকালীন অসমীয়া সমালোচনা সাহিত্যত এই দুয়োগৰাকী সমালোচকৰ প্ৰভাৱ আৰু গুৰুত্ব অপৰিসীম ৷” লেখক ড° অৰিন্দম শৰ্মায়ো আলোচনা সত্ৰখনত আলোচক অতিথিৰূপে অংশ লয় ৷ তেওঁ কয়—“ সমালোচনা সাহিত্যও সৃষ্টিশীল সাহিত্যৰে এটা অংশ ৷ কিন্তু অসমীয়া সাহিত্যত এতিয়াও সমালোচনাক দ্বিতীয় শাৰীৰ সাহিত্য বুলি গন্য কৰা হয় ৷ কেৱল লেখক আৰু পাঠকক সন্তুষ্টিৰ প্ৰতি লক্ষ্য ৰাখি কৰা সমলোচনাই সাহিত্যৰ ক্ষতি সাধন কৰিব পাৰে ৷ সাহিত্যৰ উত্তৰণৰ বাবেহে সমালোচনা ৷ সেয়ে লেখকসকলে নিজৰ সৃষ্টিক উচ্চস্তৰলৈ নিয়াৰ বাবে সমালোচনা সাহিত্যক আদৰি লোৱাটো অতি প্ৰয়োজনীয় ৷”
আন এগৰাকী আলোচক ড° প্ৰাঞ্জল শৰ্মা বশিষ্ঠই কয় যে সমালোচনা সাহিত্য বস্তুনিষ্ঠ হ’লে সাহিত্যই নতুন মাত্ৰা লাভ কৰে ৷ উনবিংশ শতিকালৈ অসমীয়া সমালোচনা সাহিত্যই গতি লোৱা নাছিল ৷ ইয়াৰ পৰিৱৰ্তে আছিল উচ্ছাসিত প্ৰশস্তি ৷ ৪০ ৰ দশকত অসমত আধুনিক সাহিত্যৰ সূচনা হৈছিল ৷ বাণীকান্ত কাকতী আছিল উনবিংশ শতিকাৰ উত্তৰাধিকাৰ ৷ অৱশ্যে তেওঁ অসমীয়া সমালোচনা সাহিত্যৰ বাটকটীয়া ৷ আলোচনা সত্ৰখন উদ্বোধন কৰে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মহানন্দ বৰাই ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগ বঢ়ায় ৷