কৃতি শিক্ষকসকলৰ সন্মানাৰ্থে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত প্ৰতি বছৰে বটা প্ৰদান কৰি অহা বিষয়টো নিসন্দেহে এক প্ৰশংসনীয় পদক্ষেপ ৷ একেদৰে বটা প্ৰাপকসকলক উচিত মৰ্যাদা সহকাৰে চাকৰিৰ পৰা অৱসৰ দিয়াটোও চৰকাৰৰ দায়িত্ব ৷ কিন্তু ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত ক্ৰমে দুবছৰ আৰু এবছৰ চাকৰিকাল বৃদ্ধি কৰাৰ নিয়মে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশত কিছু নেতিবাচক প্ৰভাৱ পেলাইছে বুলি প্ৰকাশ কৰিছে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই ৷
এক প্ৰেছ বিবৃতি যোগে সন্থাৰ সভাপতি মকিবৰ ৰহমান আৰু সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই প্ৰকাশ কৰে যে, বটাপ্ৰাপক শিক্ষকসকলৰ অধিক সংখ্যকেই বিদ্যালয়ৰ মূৰব্বী পদত থকা ব্যক্তি হোৱা হেতুকে তেওঁলোকক যোৱা ২৩ জুনত স্কুল শিক্ষা বিভাগৰ সচিবে দিয়া কাৰ্যালয় স্মাৰকে নতুনকৈ নিযুক্তি দিয়াৰ ব্যৱস্থা ডিডিঅ’ক দায়িত্ব অৰ্পণ কৰাৰ ফলত প্ৰত্যক্ষভাবে তেওঁৰ পৰবৰ্তী জ্যেষ্ঠ শিক্ষকগৰাকী বঞ্চিত হ’বলগীয়া হয় । গতিকে নতুন নিযুক্তিৰে কাৰ্যকাল বৃদ্ধিৰ ব্যৱস্থা বাতিল কৰি পূৰ্বৰ নিয়মমতে বটাপ্ৰাপক শিক্ষকসকলক এককালীন সাহায্য প্ৰদান কৰিব লাগে ।
কিয়নো নতুন কাৰ্যলয় স্মাৰক অনুযায়ী ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত ক্ৰমে ২ আৰু ১ বছৰৰ অধ্যক্ষ হওক বা প্ৰধান শিক্ষকে হওক উক্ত পদবীত নাৰাখি বটা প্ৰাপক বিষয় শিক্ষক/সহকাৰী শিক্ষক হিচাপে নতুনকৈ নিযুক্তি পোৱাৰ ফলত অৱসৰৰ পিছত তেওঁলোকে বছৰ ধৰি অফিচৰ দুৱাৰে দুৱাৰে ঘূৰি দৰমহা আদায় কৰিব লগা হয় ৷ সেইটোও আকৌ নিয়ম অনুযায়ী পেন্সনৰ দৰমহাৰ পৰা বিয়োগ কৰি দিয়া হয় । তেনে পৰিস্থিতিত বহু শিক্ষকে অতিৰিক্ত ভাৱে একেলগে পাবলগীয়া দৰমহাৰ আশা পৰ্যন্ত এৰি দিবলৈ বাধ্য হয়৷ এতিয়া বিদ্যালয় শিক্ষা বিভাগে তেওঁক বিদ্যালয়ৰ ডি,ডি,অ’ৰ দায়িত্ব প্ৰদান কৰি পিছৰ জ্যেষ্ঠজনক ভাৰপ্ৰাপ্ত দায়িত্বৰ পৰা বঞ্চিত কৰাৰ লগতে বটাপ্ৰাপকজনকো বহু অসুবিধাৰ সন্মুখীন হবলৈ বাধ্য হব।
২০১৮ চনৰ প্ৰাদেশীকৃত মাধ্যমিক শিক্ষা সেৱা বিধি অনুযায়ী এজন ভাৰপ্ৰাপ্ত অধ্যক্ষক অভিজ্ঞতাৰ নম্বৰ (Awarding Marks) হিচাপে বছৰি এক নম্বৰকৈ সৰ্বোচ্চ দুই নম্বৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তেনেক্ষেত্ৰত উক্ত বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকজনক বঞ্চিত কৰি আইনী ব্যৱস্থাৰ সুৰুঙা ৰাখি থোৱা হৈছে ৷সেইহেতু বটাপ্ৰাপক শিক্ষকসকলক নতুন নিযুক্তিৰে চাকৰিকাল বৃদ্ধিৰ নীতি বিলুপ্তি সাধন কৰি শৈক্ষিক বাতাবৰণ অক্ষুণ্ণ ৰাখিব লাগে ।
সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই কয় যে শোণিতপুৰ জিলাৰ চি এন এছ হায়াৰচেকেণ্ডেৰীৰ মীনাক্ষী গোস্বামী নামৰ অবসৰপ্ৰাপ্ত অধ্যক্ষক ৰাষ্ট্ৰীয় বটালাভৰ সুবাদত কৰ্মৰত বিদ্যালয়তেই ডি, ডি,অ’ ৰ দায়িত্ব প্ৰদান কৰি নতুন নিযুক্তি দিয়াৰ ফলত পিছৰ জ্যেষ্ঠ শিক্ষকগৰাকীক বঞ্চিত কৰাটো সন্থাৰ দৃষ্টিগোচৰ হৈছে ৷
বিদ্যালয়বোৰত অসন্তুষ্টিৰ সৃষ্টি কৰা এইধৰণৰ নীতি নিয়মৰ বিলুপ্তি সাধন কৰি মৰ্যাদা সহকাৰে সেইসকল বটাপ্ৰাপকক বিদায় দিব লাগে আৰু পৰবৰ্তী জ্যেষ্ঠ শিক্ষকজনক প্ৰাপ্য অধিকাৰ অৰ্পণ কৰিব লাগে ৷ শোণিতপুৰৰ জিলাৰ চি এন এছ হায়াৰচেকেণ্ডেৰীৰ অধ্যক্ষজনক দিয়া এই নিৰ্দেশনা সংশোধন কৰি প্ৰয়োজন সাপেক্ষে শৈক্ষিক দায়িত্ব অৰ্পণ কৰি প্ৰাপ্যজনক ডি,ডি,অ’ৰ দায়িত্ব দিবলৈ সাধাৰণ সম্পাদক কলিতাই দাবী জনোৱাৰ লগতে স্কুল শিক্ষা বিভাগে চলিত বছৰৰ পৰাই নতুন নিযুক্তিৰে চাকৰিকাল বৃদ্ধিৰ বিলোপ সাধন কৰি বটা প্ৰাপকসকলক সন্মান আৰু মৰ্যাদা সহকাৰে এককালীন সমান অনুদান আগবঢ়াই বিদ্যালয়সমূহত সুস্থিৰ পৰিৱেশ বৰ্তাই ৰখাৰ ক্ষেত্ৰত সহায় কৰিব লাগে বুলি প্ৰকাশ কৰে ৷