অসম মালা আচঁনিৰ অধীনত ধেমাজি তেলিজানৰ পৰা ঢকুৱাখনা সংযোগী পথ নিৰ্মাণৰ পূৰ্বেই মাটি অধিগ্ৰহণৰ নামত সংঘটিত হৈছে বৃহৎ কেলেংকাৰি ৷ এই কেলেংকাৰীত অভিযুক্ত ধেমাজি লোকনির্মাণ বিভাগৰ গৃহ নিৰ্মাণ বিভাগৰ তদানীন্তন সহকাৰী কাৰ্য্যবাহী অভিযন্ত্ৰা সুনীল দলেক ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ২৪ কোটি ১৫ লাখ ১৭ হেজাৰ ৬৪৪ টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
উল্লেখ্য যে, ধেমাজি জিলা প্ৰশাসনৰ উপৰিও অসমৰ মুখ্য সচিব, চি আই ডি বিভাগ, মুখ্যমন্ত্ৰী দুৰ্নীতি তদাৰকী কোষকে ধৰি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষকলৈ মাটি অধিগ্ৰহণৰ নামত হোৱা দুৰ্নীতিৰ বিষয়ে ২০২২ চনৰ ডিচেম্বৰ পৰাই অভিযোগ দাখিল কৰি আহিছিল ৷ কিন্তু কোনো ফল নোপোৱাত পুনৰ চলিত বৰ্ষৰ জানুৱাৰীত অসম চৰকাৰৰ মুখ্য সচিব আৰু পৰৰ্ৱতী আগষ্ট মাহত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষলৈ অভিযোগপত্ৰ প্ৰেৰণ কৰিছিল ৷
অভিযোগ অনুসৰি ধেমাজি গড়কাপ্তানী গৃহ বিভাগৰ অভিযন্তাই মাটি অধিগ্ৰহণৰ বাবদ ভুৱা তথ্যৰে ধন আত্মসাৎ কৰিছিল ৷ ঘৰ নোহোৱা স্থানত ঘৰ থকা আৰু এমহলীয়া ঘৰক দুমহলীয়া দেখুৱাই ৰাজকোষৰ ধন আত্মসাৎ কৰে ৷ জানিব পৰা মতে এমাহ মানৰ আগতে দুনীৰ্তিগ্ৰস্ত অভিযন্তা সুনীল দলেক ধেমাজিৰ পৰা কৰিমগঞ্জলৈ বদলি কৰা হৈছিল ৷ এই বিয়াগোম কেলেংকাৰীৰ জড়িত আৰু বহুকেইজন বিষয়া-কৰ্মচাৰী অচিৰেই গ্ৰেপ্তাৰ হোৱা সম্ভাৱনা আছে ৷