কৃষ্ণাই, ৩০ নৱেম্বৰঃগোৱালপাৰা জিলাৰ কৃষ্ণাইৰ জ্যেষ্ঠ সাংবাদিক কন্দৰ্প কুমাৰ দেৱনাথলৈ নৃপেন বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা-২০২২ আগবঢ়োৱা হৈছে। আজি কৃষ্ণাইত অনুষ্ঠিত বাৰ্তাজীৱী সংঘৰ গোৱালপাৰা জিলা সমিতিৰ এখন সাধাৰণ সভাৰ অন্তত এই কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হয় বুলি বাৰ্তাজীৱী সংঘৰ গোৱালপাৰা জিলা সমিতিয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।
সুদীৰ্ঘ বছৰে সাংবাদিকতা কৰি অহা সাংবাদিক দেৱনাথে জিলাখনৰ সংবাদ ক্ষেত্ৰখনলৈ বিশেষভাৱে অৰিহণা জনোৱাৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।ইফালে , গোৱালপাৰা জিলাত সাংবাদিকতাৰ বাটকটীয়া স্বৰূপ বিশিষ্ট সাংবাদিক প্ৰয়াত নৃপেন বৰুৱাৰ সোঁৱৰণত সংঘৰ জিলা সমিতিখনে প্ৰতি বছৰে অসমৰ একো গৰাকী সাংবাদিকক এই বঁটা প্ৰদান কৰিব বুলি সংঘৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি চৈয়দ ৰবিউল হকে জনাইছে ৷
এই বঁটাত আছে এটা স্মাৰক, এখন মান পত্ৰ আৰু নগদ ধন। এই বঁটা চলিত বৰ্ষৰ ২৮ ডিচেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে প্ৰদন কৰা হ’ব। সাংবাদিক কন্দৰ্প কমাৰ দেৱনাথৰ এই সন্মানত কৃষ্ণাই অঞ্চলবাসীয়ে আনন্দ প্ৰকাশ কৰিছে।কৃষ্ণাই প্ৰেছ ক্লাবৰ উপ সভাপতি সাংবাদিক দেৱনাথে এই সন্মান কঢ়িয়াই অনাৰ বাবে কৃষ্ণাই প্ৰেছ ক্লাবে গৌৰৱ প্ৰকাশ কৰাৰ লগতে তেওঁলৈ অভিনন্দন
জ্ঞাপন কৰিছে।