মহাবীৰ লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লক্ষ্যৰে টাই আহোম যুৱ পৰিষদ,অসমৰ কামৰূপ মহানগৰ জিলা সমিতৰ উদ্যোগত অহা ২৪ নৱেম্বৰৰ দিনা মহাবীৰ লাচিত দিৱসৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় সমিতি,মহিলা পৰিষদ আৰু গুৱাহাটীবাসীৰ সহযোগত লাচিত দিৱসৰ আয়োজন কৰা হৈছে ৷
উল্লেখ্য যে, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাগৰাকীয়ো বৰেণ্য ব্যক্তিক টাই আহোম যুৱ পৰিষদে ‘মহাবীৰ লাচিত বঁটা’ৰে সন্মানিত কৰিব ৷ পুৰন্দৰ কোঁৱৰ,নগেন হাজৰিকা,মহেন্দ্ৰ হাজৰিকা,য়াহুম বুঢ়াগোহাঁই, ড০ দয়ানন্দ বৰগোহাঁই,ৰবি শৰ্মা,পাৰ্থসাৰথি মহন্ত,বিশ্বজিত ফুকন,নিৰুপমা বৰগোহাঁঞি আৰু পৰমানন্দ চাৰেঙীয়াক সম্বর্ধনা জনোৱা হ’ব ৷
২৪ নৱেম্বৰৰ দিনা পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত হ’ব।সেইদিনা পুৱা ৮-০০ বজাত বানফি অনুষ্ঠান,১০-০০ বজাত পতাকা উত্তোলন,১০-১৫ বজাত মৈদাম তৰ্পন কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ’ব। আনহাতে ১০-৪৫ বজাত অনুষ্ঠিত হ’ব বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান।
ইয়াৰ পিছতে দিনৰ ১২-০০ বজাত মুকলি সভাত ড০ শিখামণি কোঁৱৰ, দিগন্ত তামুলী, ড০ যোগেন্দ্ৰ ফকন, ড০ ৰমেশ বৰপাত্ৰগোঁহাই, দিলীপ গগৈ আদি উপস্থিত থাকিব ।