ব্ৰিটেইনৰ আটাইতকৈ দামী অট্টালিকাৰ তালিকাত শীৰ্ষস্থান দখল কৰা হেনোভাৰ লজ ক্ৰয় কৰিলে এগৰাকী ভাৰতীয় উদ্যোগপতিয়ে ৷ । ভাৰতীয় উদ্যোগপতি ৰবি ৰুইয়াই ১ কোটি ৪৫ লাখ ডলাৰত এই ঘৰটো ক্ৰয় কৰিছিল। ভাৰতীয় মুদ্ৰাত এই পৰিমাণ প্ৰায় ১২০০ কোটি টকা।
যোৱা কেইবছৰমানৰ পৰা লণ্ডনত ক্ৰয়-বিক্ৰয় হোৱা সকলো অট্টালিকাৰ ভিতৰত হেনোভাৰ লজেই আটাইতকৈ দামী। লণ্ডনৰ ৰিজেণ্টছ পাৰ্ক অঞ্চলৰ ১৫০ পাৰ্ক ৰোডত অৱস্থিত এই ভৱনটো।
ৰবিয়ে ৰাছিয়াৰ উদ্যোগপতি আন্দ্ৰে গনচাৰেংকোৰ পৰা হেনোভাৰ লজ ক্ৰয় কৰিছে । আন্দ্ৰেৰ ৰাছিয়াত এটা তেল কোম্পানী আছে।
লক্ষ্মী মিট্টাল, অনিল আগৰৱালাৰ দৰে ভাৰতীয় উদ্যোগপতিসকলে ইতিমধ্যে লণ্ডনত সম্পত্তি ক্ৰয় কৰিছে। কিন্তু ৰবিয়ে ১৯ শতিকাৰ হেনোভাৰ লজ কিনি সকলোকে আচৰিত কৰি তুলিছে।
ধাতু, শক্তি, খনিজ আদি উদ্যোগৰ মালিক ৰবি আৰু তেওঁৰ ভাতৃ শশী ৰুয়াৰ। সংস্থাটোৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, হেনোভাৰ লজৰ সংস্কাৰৰ কাম চলি থকাৰ বাবে ৰবিয়ে কম মূল্যত অট্টালিকাটো ক্ৰয় কৰিবলৈ সক্ষম হৈছিল। কিন্তু বহুতে দাবী কৰে যে সৌন্দৰ্য্যৰ ফালৰ পৰা হেনোভাৰ লজ ৰাজপ্ৰসাদতকৈও কম নহয়।১৮২৭ চনত স্থপতিবিদ জন নেছে ব্ৰিটিছ সেনাৰ লেফটেনেণ্ট জেনেৰেল ছাৰ ৰবাৰ্ট আৰ্বুথনটৰ বাবে নিৰ্মাণ কৰিছিল হেনোভাৰ লজ।
ৰিজেণ্টছ পাৰ্ক অঞ্চলৰ এইটোৱেই একমাত্ৰ বাসগৃহ, যিটো নিৰ্মাণৰ দায়িত্ব জনৰ আছিল।১৮৩২ চনত হেনোভাৰ লজৰ মালিকীস্বত্ব লৰ্ড থমাছ কক্ৰেইনৰ হাতলৈ যায়। ১৮৪৫ চনলৈকে থমাছ হেনোভাৰ লজত থাকে। পিছৰ বছৰত পুনৰ মালিকীস্বত্বৰ সলনি হয় ৷
১৮৪৮ চনৰ পৰা ১৮৯৭ চনলৈকে বেংকাৰ মেথিউ উজিয়েলি আৰু তেওঁৰ বংশধৰসকলে হেনোভাৰ লজত বাস কৰিছিল। ১৯০৯ চনত হেনোভাৰ লজ পুনৰ নিৰ্মাণ কৰা হয়। এই অট্টালিকাটোৰ আকাৰ বাঢ়ি যায়। পুনৰ নিৰ্মাণৰ দায়িত্বত আছিল স্থপতিবিদ এডউইন লুটিয়েন্স।