কর্মসংস্থাপনৰ সন্ধানত গৈ পুনৰ বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ এজন যুৱকে ৷ মৃত্যুক আকোৱালি লোৱা লোকজন শিৱসাগৰ জিলাৰ আমগুৰিৰ টিফুক চাহ বাগিচাৰ ফিল্ড লাইনৰ লক্ষীনাথ ভূমিজ বুলি জানিব পৰা গৈছে ৷ যোৱা ১৯ জানুৱাৰীত বাংগালুৰুলৈ যাত্ৰা কৰিছিল লোকজনে ।
জানিব পৰা মতে কৰ্ম সংস্থাপনৰ আশাত আন দুই বন্ধুৰ সৈতে বেংগালুৰুলৈ যাত্ৰা কৰিছিল লক্ষী ভূমিজে ৷ কিন্তু তেওঁৰ মৃতদেহ অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰা ৰে’ল ষ্টেচনৰ কাষত ৰে’ল লাইনত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হয় । এই খবৰ পৰিয়ালৰ লোকে লাভ কৰাৰ পাছতে স্বাভাৱিকতে পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
বিবাহিত লক্ষী ভূমিজৰ ৰহস্যজনক মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিলায়টোৱে। ৩ কন্যাৰ পিতৃ লক্ষী ভূমিজৰ মৃত্যু হোৱাৰ খবৰে এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।কি পৰিস্থিতিত তেওঁৰ মৃত্যু হ’ল, কেনেকৈ মৃত্যু হ’ল, বা কোনোবাই হত্যা কৰিলে নেকি আদি প্ৰশ্ন উত্থাপন হৈছে। এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে স্থানীয় লোকসকলে ৷