ব্ৰহ্মপুত্ৰ নদীত মাতৃৰ পিণ্ডদান কৰিবলৈ যোৱাৰ সময়তে নদীৰ পানীয়ে উটুৱাই নিয়া অনন্ত কাকতিৰ মৃতদেহ অৱশেষত উদ্ধাৰ হৈছে ৷ ৮ নৱেম্বৰত ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈছিল লোকজন ৷ ১৩ দিনৰ মূৰত মোহনাঘাটত স্থানীয় লোকসকলে তেওঁৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷ লগে লগে আৰক্ষী আৰু পৰিয়ালৰ লোকক খবৰ দিয়া হয় ৷ পৰিয়ালৰ লোকে অনন্ত কাকতিৰ মৃতদেহ চিনাক্ত কৰে ৷
উল্লেখ্য যে মাতৃৰ পিণ্ডদান কৰিবলৈ যোৱাৰ সময়তে ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈছিল দুই ভাতৃ অনন্ত আৰু দিগন্ত কাকতি ৷ ইতিমধ্যে কিছুদিন পূর্বে উদ্ধাৰ কৰা হৈছিল দিগন্ত কাকতিৰ মৃতদেহ ৷ এই ঘটনাই শোকৰ ছাঁ পেলাইছিল সমগ্ৰ ডিব্ৰুগড়তে ৷