গুৱাহাটীবাসীৰ বাবে এক সুখবৰ ৷ শীঘ্ৰে গুৱাহাটীত মুকলি হ’ব আন এখন উদ্যান ৷ ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰৰ চৌহদত মুকলি হ’ব এই উদ্যানখন ৷ উদ্ভিদ উদ্যান (বোটানিকেল গার্ডেন)খনৰ নিৰ্মাণৰ কাম প্ৰায় শেষ পৰ্য্যায়ত উপনীত হৈছে।মন্ত্ৰী অশোক সিংহলে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰিছে ৷
মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি গুৱাহাটীৰ সেউজ আন্তঃগাঁথনিৰ বিকাশত বিশেষ ভূমিকা পালন কৰিব এই উদ্যানখনে ৷ অহা ১ অক্টোবৰৰ দিনৰ ২ বাজি বজাত ৩০মিনিটত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই জনসাধাৰণৰ বাবে মুকলি কৰিব উদ্যানখন ৷
উল্লেখ্য যে পূর্বৰ পুৰণি জে’ল স্থানান্তৰিত কৰাৰ পাছতে সেই স্থানত এখন বোটানিকেল গার্ডেন নির্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷