VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মহাৰাষ্ট্ৰত চলন্ত বাছত লাগিল জুই, শুই থকা অৱস্থাতে প্ৰাণ হেৰুৱালে ২৬ যাত্ৰীয়ে

voicedesk by voicedesk
July 1, 2023
in মুখ্য সংবাদ
মহাৰাষ্ট্ৰত চলন্ত বাছত লাগিল জুই, শুই থকা অৱস্থাতে প্ৰাণ হেৰুৱালে ২৬ যাত্ৰীয়ে
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ সমৃদ্ধি মহামাৰ্গ এক্সপ্ৰেছৱে (মুম্বাই-নাগপুৰ এক্সপ্ৰেছৱে)ত সংঘটিত ভয়ংকৰ বাছ দুৰ্ঘটনাত ২৬ জন লোকৰ মৃত্যু হৈছে ৷ মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। শুকুৰবাৰে গভীৰ নিশা যাত্ৰীবাহী বাছখনত কেনেদৰে জুই লাগিছিল সেই সন্দৰ্ভত একাধিক বক্তব্য প্ৰকাশ পাইছে। অৱশ্যে জ্বলি থকা বাছখনৰ পৰা আত্মৰক্ষা কৰিবলৈ সক্ষম হোৱা কেইজনমানৰ ভিতৰত এজনে তেওঁলোকৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছে । প্ৰত্যক্ষদৰ্শীয়েও এই ভয়ংকৰ অভিজ্ঞতা বর্ণনা কৰিছে ৷

 

জীৱিত অৱস্থাত উভটি অহা এজন যাত্ৰীয়ে কয় যে বাছখনৰ এটা টায়াৰ তীব্ৰ শব্দ কৰি ফাটি যায়। ইয়াৰ পিছত একো গম পোৱাৰ আগতেই বাছখন আগুৰি ধৰে জুইৰ লেলিহান শিখা। তিনি-চাৰিজন যাত্ৰীয়ে নিজৰ জীৱন ৰক্ষাৰ বাবে পিছফালৰ খিৰিকী এখন ভাঙি জাপ মাৰে । বাকীসকলে সেই প্ৰচেষ্টাত সফল নহ’ল। বাছখনৰ ভিতৰতে অগ্নিদগ্ধ হৈ তেওঁলোকৰ মৃত্যু হয়। সেই সময়ত পথৰ কাষেৰে পাৰ হৈ যোৱা গাড়ীবোৰক সহায়ৰ বাবে ৰখাবলৈ চেষ্টা কৰা হৈছিল। কিন্তু প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰে যে কোনো বাহন ৰৈ যোৱা নাছিল।

 

এজন প্ৰত্যক্ষদৰ্শীৰ মতে, “সেই পথটোত আগতেও বহু দুৰ্ঘটনা সংঘটিত হৈছে। আমি উদ্ধাৰ কৰাত সহায় কৰিবলৈ লৰালৰি কৰিলোঁ। সহায়ৰ বাবে আন গাড়ী ৰখাবলৈ চেষ্টা কৰক। কিন্তু কোনো বাহন ৰৈ নগ’ল ।” আন এজন প্ৰত্যক্ষদৰ্শীৰ মতে, “বাছখনৰ ভিতৰত থকা যাত্ৰীসকলে খিৰিকী ভাঙিবলৈ চেষ্টা কৰিছিল। কিন্তু জুই এনেদৰে জ্বলি আছিল যে আমি বাছখনৰ ওচৰ পাব পৰা নাছিলো। চকুৰ সন্মুখত মানুহৰ মৃত্যু হোৱা দেখিলোঁ।”

 

সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি মহাৰাষ্ট্ৰৰ যৱতমলৰ পৰা পুনেলৈ গৈ আছিল বাছখন। বাছখনত প্ৰায় ৩৩ জন যাত্ৰী আছিল। শুকুৰবাৰে মাজনিশা প্ৰায় ২ বজাত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয় বাছখনত। ইতিমধ্যে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে। আনহাতে মহাৰাষ্ট্ৰ চৰকাৰে নিহত পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে গভীৰ নিশা যাত্ৰীসহ বাছখন উভতি আহিছিল। হঠাৎ বাছখনৰ এটা টায়াৰ ফাটি যায় ৷ নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে সন্মুখৰ খুঁটাত খুন্দা মাৰি বাগৰি পৰে।

Previous Post

বিজেপিৰ সহযোগী চাংমাও ইউনিফৰ্ম চিভিল কোডৰ বিৰোধী, ভাৰতৰ বহুত্ববাদী চিন্তাধাৰাৰ বিৰোধী আখ্যা

Next Post

প্ৰাক্তন মার্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ বাসগৃহৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন, ধৃত এজন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
প্ৰাক্তন মার্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ বাসগৃহৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন, ধৃত এজন

প্ৰাক্তন মার্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ বাসগৃহৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন, ধৃত এজন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7