সাম্প্ৰদায়িক সংঘাতৰ বাবে মে’ মাহৰ পৰা অস্থিৰ হৈ পৰিছে মণিপুৰ। সেনাবাহিনী নিয়োজিত কৰাৰ পাছতো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই ৰাজ্যখনৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰ ভ্ৰমণ কৰিলেও পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহ’ল। এনে পৰিস্থিতিত মণিপুৰৰ কেবিনেটে ৰাজ্যপালক এদিনৰ বাবে বিধানসভাৰ অধিৱেশন আহ্বান কৰিবলৈ আহ্বান জনাইছে ৷ যদি ৰাজ্যপালে সন্মতি দিয়ে তেন্তে ২১ আগষ্টত অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷
সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোন বাৰ্তালাপ কৰে। ইয়াৰ পিছতে তৎক্ষণাত কেবিনেটৰ বৈঠক আহ্বান কৰি বিধানসভাৰ এদিনীয়া অধিৱেশন আহ্বান কৰিবলৈ ৰাজ্যপাললৈ আহ্বান জনায় ৷
ইয়াৰ পূৰ্বে যোৱা মাৰ্চ মাহত মণিপুৰত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল। ইয়াৰ পিছত মে’ মাহৰ পৰা ৰাজ্যখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷সংবিধান অনুসৰি সকলো ৰাজ্যৰ বিধানসভাতে বর্ষাকালীন অধিৱেশন অনুষ্ঠিত হয়। কিন্তু হিংসাৰ বাবে মণিপুৰত অধিৱেশন অনুষ্ঠিত হোৱা নাই ৷ ২৬ জুলাইত বিৰোধীৰ হেঁচাত ৰাজ্য চৰকাৰে চলিত মাহৰ আৰম্ভণিতে অধিৱেশন আহ্বান কৰে। ইয়াৰ পিছতে কেবিনেটে আজি এদিনীয়া অধিৱেশন অনুষ্ঠিত কৰাৰ আহ্বান জনায় ৷ অৱশ্যে প্ৰস্তাৱিত বিধানসভা অধিৱেশনৰ কাম-কাজৰ বিষয়ে এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। কিন্তু ৰাজনৈতিক মহলৰ মতে সেই অধিবেশনত সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হ’ব ৷
সাধাৰণ মানুহে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ সুবিধাৰ বাবে মণিপুৰ চৰকাৰে পূব ইম্ফল আৰু কিছু পশ্চিম জিলাত সাত ঘণ্টাৰ বাবে সান্ধ্য আইন শিথিল কৰি দিছে ৷ যাতে জনসাধাৰণে ঔষধ আৰু খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰে ৷
৩ মে’ত ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ (ATSUM)ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি মণিপুৰত অশান্তিৰ সৃষ্টি হয়। সেইদিনা নিশাৰ পৰাই সংখ্যাগৰিষ্ঠ মেইটেই জনজাতি গোটৰ অন্তৰ্গত কুকিসকলৰ লগত বিভিন্ন অঞ্চলত সংঘৰ্ষত লিপ্ত হয়। তাৰ পাছত তিনিমাহ পাৰ হৈ গ’ল যদিও এতিয়াও হিংসা ৰোধ কৰিব পৰা নাই৷ এই হিংসাত এতিয়ালৈকে প্ৰায় ১৬০ জন লোকে প্ৰাণ হেৰুৱাইছে। তিনিমাহত নিৰুদ্দেশ হৈছে ৩০ জন লোক।