কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো জনসাধাৰণক বীমাৰ অধীনত আনিব বিচাৰিছে। সেই পৰিকল্পনাৰ অংশ হিচাপে বীমা নিয়ন্ত্ৰক আই আৰ ডি এ আইয়ে স্বাস্থ্য বীমা ক্ৰয়ৰ বাবে বয়সৰ উচ্চ সীমা ৬৫ বছৰ প্ৰত্যাহাৰ কৰিছে । শেহতীয়াকৈ এক অধিসূচনাযোগে বীমা কোম্পানীক এই নিৰ্দেশ দিয়া হৈছে । কোৱা হৈছে যে এই নিয়ম ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে। পূৰ্বতে কোনো গুৰুতৰ ৰোগ থাকিলেও সংশ্লিষ্ট ব্যক্তিজনক বীমাৰ সুবিধাৰ পৰা বাদ দিব নোৱাৰিব।
সংশ্লিষ্ট মহলৰ মতে, পূৰ্বৰ নিয়ম অনুসৰি ৬৫ বছৰৰ ওপৰৰ লোকক নতুন পলিচী বিক্ৰী কৰিব পৰা নাছিল। তাৰ আগতে যদি পলিচী ক্ৰয় কৰা হ’লহেঁতেন তেন্তে ইয়াক নবীকৰণ কৰিব পৰা গ’লহেঁতেন। স্বাস্থ্য বীমাত বয়সভিত্তিক এই নিয়ম আঁতৰোৱাৰ উদ্দেশ্য মূলতঃ দুটা।, বীমা বজাৰখন আৰু অধিক সম্প্ৰসাৰণ কৰা আৰু সকলো শ্ৰেণীৰ লোকে বৃদ্ধি পোৱা স্বাস্থ্যসেৱাৰ খৰচৰ পৰা নিজকে ৰক্ষা কৰাৰ পথ মুকলি কৰা।
আই আৰ ডি এ আইয়ে অধিসূচনাত কয় , “বীমা কোম্পানীসমূহে স্বাস্থ্য বীমাৰ সুবিধা যাতে সকলো বয়সৰ লোকৰ মাজলৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বিশেষকৈ জ্যেষ্ঠ নাগৰিক, ছাত্ৰ-ছাত্ৰী, শিশু আৰু প্ৰসূতিৰ সুবিধাৰ বাবে আঁচনি সৃষ্টি কৰিব লাগিব। আৰু সেই ক্ষেত্ৰত এই পদক্ষেপৰ মূল উদ্দেশ্য সফল হোৱাটো কঠিন। ৰাষ্ট্ৰীয় বীমাৰ প্ৰাক্তন সঞ্চালক সিদ্ধাৰ্থ প্ৰধানে কয় যে এই পদক্ষেপৰ ফলত বীমা খণ্ডৰ পৰিসৰ বৃদ্ধি পাব। কিন্তু এই নিৰ্দেশনা কাৰ্যকৰী হ’লে প্ৰিমিয়ামৰ পৰিমাণ কেনেকৈ গণনা কৰা হয় তাৰ ওপৰত কোম্পানীসমূহে চকু ৰাখিব লাগে। ইয়াৰ ফলত প্ৰিমিয়াম বেছি হ’ব বুলি তেওঁ আশংকা আছে। ইয়াৰ ওপৰত আই আৰ ডি এ চকু ৰাখিব লাগে। অন্যথা মূল উদ্দেশ্য সফল নহ’ব।
আই আৰ ডি এ লগতে কয় যে যদি কোনো ব্যক্তিয়ে পূৰ্বৰ কোনো ৰোগ থাকিলেও স্বাস্থ্য বীমাৰ অধীনত আহিব বিচাৰে তেন্তে তেওঁক এই আঁচনিৰ সুবিধা প্ৰদান কৰা উচিত। কেন্সাৰ, হৃদৰোগ, এইচ আই ভি থকা লোকক অস্বীকাৰ কৰিব নোৱাৰিব। গ্ৰাহকৰ সুবিধাৰ বাবে কোম্পানীয়ে কিস্তিত প্ৰিমিয়াম ল’ব পাৰে। আয়ুৰ্বেদ, যোগ, প্ৰাকৃতিক চিকিৎসা, ইউনানি, সিদ্ধ আৰু হোমিঅ’পেথীৰ দৰে চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত কোম্পানীসমূহে আৰ্থিক সুবিধাৰ সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে। বীমা কৰা ধনৰ সম্পূৰ্ণ সুবিধা দিব লাগিব।