যুদ্ধবিধ্বস্ত ইজৰাইলত আবদ্ধ হৈ থকা ২১২ জন ভাৰতীয়ক সুকলমে দেশলৈ ওভতাই অনা হৈছে । কেন্দ্ৰই প্ৰেৰণ কৰা এখন বিশেষ বিমান শুকুৰবাৰে পুৱা আৱদ্ধ ভাৰতীয়ৰ সৈতে নতুন দিল্লীত অৱতৰণ কৰে। ইজৰাইলত আবদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ চাৰ্টাৰ্ড বিমানৰ ব্যৱস্থা কৰিছিল। ভাৰতলৈ যোৱা প্ৰথমখন বিমানে বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৯ বজাত দেশখনৰ বেন গুৰিয়ান বিমানবন্দৰৰ পৰা ৰাওনা হয়। শুকুৰবাৰে পুৱা নতুন দিল্লীত অৱতৰণ কৰে বিমানখনে । এই অভিযানক কেন্দ্ৰই ‘অপাৰেচন অজয়’ নামেৰে নামাকৰণ কৰিছে। বিমানখনত সীমিত সংখ্যক আসনৰ বাবে ইজৰাইলৰ পৰা প্ৰথম ২১২ জন লোকক ওভতাই আনিছে কেন্দ্ৰই ৷ ইজৰাইলৰ পৰা ঘৰলৈ উভতি অহা ভাৰতীয়সকলক আদৰণি জনাই ৰাজধানী দিল্লী বিমানবন্দৰত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ।
ভাৰতীয় ছাত্ৰ শুভম কুমাৰ উচ্চ শিক্ষাৰ বাবে ইজৰাইলত আছিল। শুকুৰবাৰে পুৱা ভাৰতৰ মাটিত ভৰি দিয়াৰ পিছত শুভমে কয় –“আমি ভাৰতৰ প্ৰতি কৃতজ্ঞ। ইজৰাইলত আবদ্ধ হৈ থকা বেছিভাগ ছাত্ৰই আতংকিত হৈ পৰিছিল। হঠাৎ তেওঁক ভাৰতীয় দূতাবাসে দেশলৈ লৈ যাব বুলি খবৰ দিয়া হ’ল। ই আমাৰ মনোবল বৃদ্ধি কৰিলে। ঘৰলৈ উভতি আহি মই বৰ সকাহ পাইছো।“
উল্লেখযোগ্য যে ‘অপাৰেচন অজয়’ৰ বিশেষ বিমানেৰে ভাৰতলৈ উভতি যাবলৈ এতিয়াও বহু ভাৰতীয়ই তেল আভিভ বিমানবন্দৰত অপেক্ষা কৰি আছে। কেন্দ্ৰীয় সূত্ৰৰ মতে, শীঘ্ৰে তেওঁলোককো ঘূৰাই অনা হ’ব। হামাছৰ সৈতে ইজৰাইলৰ সংঘাত আৰম্ভ হৈছিল ৭ অক্টোবৰৰ পৰা। ইয়াৰ পিছত এয়াৰ ইণ্ডিয়াই ইজৰাইললৈ বাণিজ্যিক বিমান চলাচল বন্ধ কৰি দিয়ে। ১৪ অক্টোবৰত বিমান সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে বিমান সংস্থাটোৱে। তাৰ বাবেই বহু ভাৰতীয় আবদ্ধ হৈ পৰে । জেৰুজালেম, টেল আভিভকে ধৰি
বৃহস্পতিবাৰে সংঘাতৰ ষষ্ঠ দিনা ইজৰাইল সেনাই কয় যে পেলেষ্টাইনৰ সশস্ত্ৰ বাহিনী হামাছৰ সৈতে হোৱা সংঘাতত সেই দেশৰ ১২০০ নাগৰিকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ১৮৯ জন জোৱান। গাজা প্ৰশাসনে জনোৱা মতে, তাত ১২০০ লোকৰ মৃত্যু হৈছে।