সময়ে সময়ে বিভিন্ন দেশৰ আগশাৰীৰ নেতাসকলে ভাৰত ভ্ৰমণলৈ আহে ৷ বিভিন্ন চৰকাৰী কার্যসূচীৰে অহা এই বিশ্বনেতাসকলক আতিথ্য প্ৰদান কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ কৃপণালি কৰা পৰিলক্ষিত নহয় ৷ কিন্তু বহিঃৰাষ্ট্ৰৰ এগৰাকী শীর্ষ নেতাই দেশ ভ্ৰমণ কৰিলে কিমান টকা খৰচ হয় আপুনি জানেনে ৷ যদি নাজানে তেনেহ’লে ৰাজকোষৰ খৰচৰ কথা শুনিলে আপোনাৰো চকু কপালত উঠিব ৷ শেহতীয়াকৈ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ভৰমণৰ সময়ত হোৱা ব্যয়ৰ তথ্য পোহৰলৈ আহিছে ৷ ৩৬ ঘণ্টাৰ বাবে ভাৰতলৈ অহা ডোনাল্ড ট্ৰাম্পৰ নামত ব্যয় কৰা হৈছিল ৩৮ লাখ টকা ৷ ২০২০ চনত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা এই ভ্ৰমণৰ সময়ত থকাৰ ব্যৱস্থা, খাদ্য, সুৰক্ষা আৰু আন আন যাৱতীয় ব্যৱস্থাৰ বাবে প্ৰায় ৩৮ লাখ টকা ব্যয় কৰিছিল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কেন্দ্ৰীয় তথ্য আয়োগক জনাইছে।
প্ৰথম ভাৰত ভ্ৰমণৰ সময়ত ড’নাল্ড ট্ৰাম্পে তেওঁৰ পত্নী মেলানিয়া, কন্যা ইভাংকা, জোঁৱাই জেৰেড কুছনাৰৰ লগতে কেইবাজনো শীৰ্ষ বিষয়াৰ সৈতে ২০২০ চনৰ ২৪-২৫ ফেব্ৰুৱাৰীত আহমেদাবাদ, আগ্ৰা, আৰু নতুন দিল্লী ভ্ৰমণ কৰিছিল। ২৪ ফেব্ৰুৱাৰীত আহমেদাবাদত তিনি ঘণ্টা সময় কটোৱাৰ পাছত তেওঁ সাৱৰমতী আশ্ৰমত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল ৷ নতুনকৈ নিৰ্মিত মোটেৰা ক্ৰিকেট ষ্টেডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে “নমস্তে ট্ৰাম্প” শীর্ষক সমাৱেশ সম্বোধন কৰিছিল ট্ৰাম্পে ৷ ২৫ ফেব্ৰুৱাৰীত তেওঁ ৰাষ্ট্ৰীয় ৰাজধানী ভ্ৰমণ কৰিছিল য’ত তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছিল। এই ভ্ৰমণৰ বাবদ হোৱা ব্যয়ৰ তথ্য বিচাৰি মিছাল ভাথেনা নামৰ এজন লোকে তথ্য জনা অধিকাৰ আইনৰ অধীনত আৱেদন দাখিল কৰিছিল ৷