সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানি বৃত্তি প্ৰদানৰ নামত ধন আত্মসাৎ কৰা এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ চিআইডিয়ে গ্ৰেপ্তাৰ কৰা লোকজন ছহিদুল ইছলাম বুলি জানিব পৰা গৈছে ৷ ধৃত ছহিদুল চৰ উন্নয়ন পৰিষদৰ কর্মচাৰী ৷
উল্লেখ্য যে সংখ্যালঘু শিক্ষার্থীক জলপানি প্ৰদানৰ নামত ৰাজ্যত ১০০ কোটি টকাৰ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ কেলেংকাৰি সন্দর্ভত চিআইডিত ৰুজু হৈ আছে গোচৰ ৷ একাংশ চৰকাৰী কর্মচাৰীয়ে ভুৱা শিক্ষার্থীৰ নামত জলপানি প্ৰদানৰ নামত বৃহৎ পৰিমানৰ ধন আত্মসাৎ কৰি আহিছে ৷ আনকি এই কেলেংকাৰিত একাংশ শিক্ষকো জড়িত থকাৰ তথ্য পোহৰলৈ আহিছিল ৷ ইতিমধ্যে কেইবাজনো শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে ৷