ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে সুখবৰ ৷ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অলিম্পিক স্বৰ্ণ জয়ী অভিনৱ বিন্দ্ৰাৰ উপস্থিতিত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে হাইপাৰ্ফমেন্স স্প’ৰ্টছ ট্ৰেইনিং আৰু ৰিহেবিলিটেচন চেণ্টাৰ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “বেইজিং অলিম্পিকত প্ৰথমগৰাকী ভাৰতীয় হিচাপে স্বৰ্ণ পদক লাভ কৰি অভিনৱ বিন্দ্ৰাই দেশৰ ক্ৰীড়া ইতিহাসত এক নতুন অধ্যায় নিৰ্মাণ কৰিছিল। আজি অভিনৱ বিন্দ্ৰাৰ দ্বাৰা পৰিচালিত অভিনৱ ফিউচাৰিষ্টিক প্ৰাইভেট লিমিটেডৰ সহযোগত আমি এই হাইপাৰ্ফমেন্স চেণ্টাৰ স্থাপন কৰিবলৈ সক্ষম হৈছোঁ ৷ ইয়াৰ আগতেও যোৰহাটত অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সহযোগত আন এটা হাইপাৰ্ফমেন্স চেণ্টাৰ স্থাপন কৰিছিলোঁ। আজি উদ্বোধন কৰা চেণ্টাৰটো অভিনৱ বিন্দ্ৰা ফাউণ্ডেচনে পৰিচালনা কৰিব। তেওঁলোকে বিভিন্ন ট্ৰেইনাৰ, স্প’ৰ্টছ থেৰাপী, ডাক্তৰ ইয়াৰ লগত সংযোজিত কৰিব যাতে খেলুৱৈসকলে নিজৰ পাৰ্ফমেন্স উন্নত কৰাৰ লগতে তেওঁলোকৰ আঘাত উপশম কৰি এজন সফল ক্ৰীড়াবিদ হিচাপে উজলি উঠিব পাৰে।“
আনহাতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰা অনুসৰি অলিম্পিক ফাউণ্ডেশ্যন ফৰ কালচাৰেল এণ্ড হেৰিটেজ, দ্যা ইণ্টাৰনেচনেল অলিম্পিক কমিটী, অভিনৱ বিন্দ্ৰা ফাউণ্ডেচনৰ লগত মিলি অসমৰ কিছু বিদ্যালয়ত অলিম্পিক স্পীৰিট সৃষ্টিৰ বাবেও চেষ্টা কৰা হ’ব। ইফালে অসমত অহা ফেব্ৰুৱাৰী মাহত খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ অনুষ্ঠিত হ’ব বুলি তেওঁ ঘোষণা কৰে । নেহেৰু ষ্টেডিয়ামত ৬০০ কোটি টকা খৰচ কৰি ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ ফুটবল ফিল্ডৰ লগতে অনুশীলন ফিল্ড নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।