যদিও সকলো শিশুৱেই অনন্য, তথাপিও কিছুমান অত্যাৱশ্যকীয় তথ্যই শিশুৰ বিকাশ আৰু আচৰণৰ ওপৰত মূল্যৱান পথ প্ৰদৰ্শন কৰিব পাৰে। ইয়াত আঠটা অত্যাৱশ্যকীয় তথ্য উল্লেখ কৰা হৈছে যিবোৰ সকলো হ’বলগীয়া পিতৃ-মাতৃয়ে জনা উচিত:
১) জন্মৰ ১০ ছেকেণ্ডৰ পিছত শিশুটিয়ে প্ৰথম উশাহ লয়।
২) গৰ্ভত থাকিও শিশুৱে কান্দিব পাৰে।
৩)গৰ্ভাৱস্থাৰ ছমাহৰ ভিতৰত শিশুটিয়ে প্ৰথমবাৰৰ বাবে চকু মেলে
৪)২৫ বছৰ বয়সত গৰ্ভধাৰণৰ সম্ভাৱনা প্ৰায় ২০%, কিন্তু ৩৫ বছৰ বয়সত সেই সম্ভাৱনা প্ৰায় ১২% লৈ হ্ৰাস পায়।
৫) বয়সৰ লগে লগে যমজ সন্তান জন্ম হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কাৰণ, বয়স বৃদ্ধিৰ লগে লগে বিভিন্ন হৰম’নৰ পৰিৱৰ্তনৰ বাবে একেলগে কেইবাটাও ডিম্বাণু নিৰ্গত হ’ব পাৰে।
৬) বয়স বৃদ্ধিৰ লগে লগে স্বাভাৱিক প্ৰসৱৰ সম্ভাৱনা কমি যায়।
৭) গৰ্ভাৱস্থাত হ’বলগীয়া মাতৃগৰাকী যদি মানসিক চাপত থাকে তেন্তে শিশুৰ মগজুৰ বিকাশত ব্যাঘাত জন্মে আৰু ভৱিষ্যতে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
৮) শিশুৱে হাড় মজবুত কৰিবলৈ কিছু সময় সময় ৰ’দত কটাব লাগে যাতে হাড় মজবুত হয়। প্ৰত্যক্ষ সূৰ্যৰ পোহৰ পৰিহাৰ কৰক। কিন্তু ৰ’দ সম্পূৰ্ণৰূপে পৰিহাৰ কৰিলে শিশুৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হ’ব পাৰে।