বনকৰা মহিলাক পাশৱিক নির্যাতন চলোৱা শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চমুকৈ এএছপি শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে তদন্ত কৰিব চিআইডিয়ে ৷ গোচৰ ৰুজু হোৱাৰ পাছতে আত্মগোপন কৰা শুভলক্ষ্মী দত্তৰ গোচৰৰ সকলো তথ্য চিআইডিয়ে শিৱসাগৰ আৰক্ষীৰ পৰা বিচাৰিছে বুলি জানিব পৰা গৈছে ৷
ইপিনে, শুভলক্ষ্মীৰ বিৰুদ্ধে মহিলা আয়োগ আৰু আৰক্ষীৰ দায়বদ্ধতা আয়োগতো গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ অর্থাৎ শুভলক্ষ্মী দত্ত অধিক বিপদৰ সন্মুখীন হোৱাটো প্ৰায় নিশ্চিত ৷
উল্লেখ্য যে অনিমা প্ৰজা নামৰ মহিলা বনকৰা মহিলা গৰাকীক অকথ্য নির্যাতন চলাইছিল শুভলক্ষ্মীয়ে ৷ অনিমাৰ গাঁত আৰক্ষী বিষয়াজনে ঢালি দিছিল উতলা গৰম পানী ৷ আনকি গুপ্তাংগত সানি দিছিল ভোট জলকীয়া ৷ যাৰ ফলত অনিমা গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷ এই কথা পোহৰলৈ আহাৰ পাছতে শুভলক্ষ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল যদিও তেওঁ পলায়ন কৰে ৷ দুদিন পূর্বে শুভলক্ষ্মীয়ে গুৱাহাটীৰ ছয়মাইলত প্ৰাক্তন বিজেপি বিধায়ক কুশল দুৱৰীৰ ফ্লেটত লুকাই থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে ৷ কিন্তু আৰক্ষী উপস্থিত হোৱাৰ পূর্বেই ইয়াৰ বিষয়ে উমান পায় শুভলক্ষ্মীয়ে পলায়ন কৰে কৰে ৷ ইতিমধ্যে শুভলক্ষ্মীয়ে অগ্ৰিম জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বুলি জানিব পৰা গৈছে ৷