এগৰাকী কিশোৰীক মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা বচোৱাৰ বাবে গোবিন্দ দাস নামৰ যুৱকজনক ৫ হেজাৰ টকাৰে পুৰস্কৃত কৰিছে মহানগৰ আৰক্ষীয়ে ৷ এগৰাকী দায়ৱদ্ধ নাগৰিক হিচাপে নিজৰ কর্তব্য পালন কৰাৰ স্বীকৃতিস্বৰূপে তেওঁক এই পুৰস্কাৰ প্ৰদান কৰা হৈছে ৷
মহানগৰ আৰক্ষীৰ ফেচবুক পেজত উল্লেখ কৰা অনুসৰি গোলাঘাটৰ হাঁহচৰা গাৱঁৰ বাসিন্দা হৈছে গোবিন্দ ৷ পেছাত তেওঁ যাত্ৰীবাহী ট্ৰেভেলাৰৰ চালক ৷ গোবিন্দই চলোৱা ট্ৰেভেলাৰ বাহনখন গোলাঘাট আৰু গুৱাহাটীৰ মাজত চলাচল কৰে ৷ নুমলীগড়ৰ ১৫ বছৰীয়া কিশোৰী গৰাকীক প্ৰেমৰ জালত বন্দী কৰি সৰবৰাহকাৰীয়ে বহিঃৰাজ্যলৈ সৰবৰাহ কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল ৷ আন ধর্মৰ অন্য ভাষা কোৱা লোকজনে কিশোৰী গৰাকীক তেওঁৰ সৈতে পলাই যাবলৈ প্ৰলোভিত কৰিছিল ৷ কিন্তু এই কথা গম পায় ছোৱালীজনীৰ জীৱন ৰক্ষা কৰে গোবিন্দই ৷ দায়িত্বশীল নাগৰিকৰ পৰিচয় দিয়াৰ বাবে গোবিন্দক মহানগৰ আৰক্ষীয়ে পুৰস্কৃত কৰে ৷ মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই তেওঁক এই পুৰস্কাৰ প্ৰদান কৰে ৷